ৰাজহ আৰু গ্ৰাহক বৃদ্ধিৰ বাবে জনপ্ৰিয় অ’.টি.টি. প্লেটফৰ্ম নেটফ্লিক্সে ব্যৱসায়ৰ ক্ষেত্ৰত বহু নতুন পৰিৱৰ্তন আনিছে। শেহতীয়াকৈ বহুক্ষেত্ৰত নেটফ্লিক্সে বন্ধ কৰি দিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ।অৱশ্যে প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া ৰিড হেষ্টিংছে যোৱা এই কথা বছৰ প্ৰকাশ কৰিছিল যে নেটফ্লিক্সৰ পাছৱৰ্ড শ্বেয়াৰিং বিকল্প পৰ্যায়ক্ৰমে বন্ধ কৰা হ’ব। এতিয়া নতুন চিইঅ’ গ্ৰেগ পিটাৰ্ছ আৰু টেড চাৰাণ্ডোছে নেটফ্লিক্সত এই পদক্ষেপ গ্ৰহণ কৰিছে।
আনহাতে অতি সোনকালে শেষ হ’ব নেটফ্লিক্সৰ পাছৱৰ্ড শ্বেয়াৰিঙৰ সুবিধা । অৰ্থাৎ বন্ধু-বান্ধৱী আৰু আনৰ ওপৰত নিৰ্ভৰশীল ভাৰতীয়সকলে অতি সোনকালে এই প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ দিব লাগিব ধন। যদি কোনো ব্যৱহাৰকাৰীয়ে বন্ধুৰ নেটফ্লিক্স একাউণ্ট ব্যৱহাৰ কৰিব বিচাৰে তেন্তে তেওঁ দিব লাগিব ৩ ডলাৰ অৰ্থাৎ প্ৰায় ২৫০ টকা ।
মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে নেটফ্লিক্সৰ বাবে ধন নিদিয়া বেছিভাগ ব্যৱহাৰকাৰীয়েই এই প্লেটফৰ্ম সঘনাই ব্যৱহাৰ কৰে ।সেয়েহে তেওঁলোকে এইক্ষেত্ৰত সোনকালে ধন দিব লাগিব। আনহাতে ভাৰতৰ দৰে দেশক গুৰুত্ব দি গ্ৰাহকৰ সংখ্যা ১৫-২০ কোটিলৈ বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰে মুখ্য কাৰ্যবাহী বিষয়া পিটাৰ্ছে। পিটাৰ্ছে কয় যে তেওঁ বিচাৰে যে সকলোৱে নেটফ্লিক্স ব্যৱহাৰ কৰক আৰু বৰ্তমান ধন নিদিয়াকৈ নেটফ্লিক্স ব্যৱহাৰ কৰা সকলে অন্ততঃতেওঁলোকে চোৱা কন্টেন্টৰ বাবে নেটফ্লিক্সক ধন পৰিশোধ কৰক ৷
জানিবপৰা মতে নেটফ্লিক্সে বৰ্তমান কোষ্টা ৰিকা, চিলি, পেৰু আৰু আন কিছুমান দেশত পাছৱৰ্ড শ্বেয়াৰিং বন্ধ কৰা সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা কৰি আছে। শেহতীয়া প্ৰতিবেদন অনুসৰি নেটফ্লিক্সে ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা ভাৰতকে ধৰি অন্যান্য বজাৰত পাছৱৰ্ড শ্বেয়াৰ কৰা বন্ধ কৰিব।
আনহাতে আইপি ঠিকনা, ডিভাইচ আইডি আৰু একাউণ্ট কাৰ্যকলাপৰ জৰিয়তে নতুন পাছৱৰ্ড শ্বেয়াৰিং নিয়ম কাৰ্যকৰী কৰিব নেটফ্লিক্সে । ভাৰতত ইতিমধ্যে নেটফ্লিক্সে ১৪৯ টকা, ১৯৯ টকা, ৪৯৯ টকা আৰু ৬৪৯ টকাৰ চাৰিটা প্লেন সুবিধা আগবঢ়াইছে।