আজি মৰিগাঁও জিলা পুথিভঁৰালত আয়োজিত হোৱা ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ৰাজ্যিক কার্যনির্বাহক সভাত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মা ।
উক্ত কার্যনির্বাহক সভাত ৰাজ্যিক কাৰ্যনিৰ্বাহকে নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকখনৰ মূল এজেণ্ডাৰ কিছু বিষয়ত চিন্তা-চৰ্চা কৰি গৰীৱ কল্যাণ যোজনা, জি-২০ প্ৰেচিডেঞ্চী ইত্যাদি সন্দৰ্ভত দলীয় সংকল্প সন্দৰ্ভত আলোচনা কৰি দলটোক সকলো পৰ্যায়তে সবল কৰি তোলাৰ বিষয়তো আলোচনা কৰা হ’ব বুলি মুখ্যমন্ত্রী গৰাকীয়ে মত পোষণ কৰে।
কাৰ্যনিৰ্বাহক সভাত ভাৰতীয় জনতা পার্টিৰ অসম প্ৰদেশৰ সভাপতি শ্ৰীভৱেশ কলিতা, মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰীদিলীপ শইকীয়া,ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীফণীন্দ্ৰনাথ শৰ্মাৰ লগতে ভাৰতীয় জনতা পার্টিৰ জেষ্ঠ কৰ্মকৰ্তাসকল উপস্থিত থাকে ।