আজি গণশিল্পী দিলীপ শৰ্মাৰ ওপজা দিন । ১৯২৬ চনৰ আজিৰ দিনটোতে পাঠশালাৰ ওচৰৰ বামুণকুছিত তেওঁৰ জন্ম হৈছিল । তেওঁৰ পিতৃ আছিল আৱাহন আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক ডাঃ দীননাথ শৰ্মা । ১৯৫৯ চনৰ পৰা ১৯৮৫ চনলৈ তেওঁ পল্টন বজাৰ বাঙালী হাইস্কুলত শিক্ষকতা কৰিছিল । প্ৰসিদ্ধ গীতিকাৰ, সুৰকাৰ আৰু সংগীতশিল্পী দিলীপ শৰ্মা আছিল কলিকতা ৰেডিঅ’ত অসমীয়া গীত গোৱা প্ৰথমগৰাকী অসমীয়া শিল্পী । ১৯৪৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী চলচ্চিত্ৰৰ দ্বিতীয় সংস্কৰণৰ সহকাৰী সংগীত পৰিচালকৰ দায়িত্ব দিছিল তেওঁক । ১৯৫০ চনত তেওঁ ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰে । তেওঁ পত্নী সুদক্ষিণা শৰ্মাৰ সৈতে জ্যোতি সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰত অগ্ৰণী ভূমিকা লৈছিল । তেওঁ পাৰঘাট, নিমিলা অংক আৰু চিকমিক বিজুলী চলচ্চিত্ৰৰ গীততো কণ্ঠদান কৰিছিল আৰু অবুজ বেদনা চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল । ২০০২ চনত তেওঁ সন্মানীয় সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছিল । এইগৰাকী মহান শিল্পীলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম ।