গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত অৱস্থিত ‘ৰাজহন্স’ হোটেলত সংঘটিত হৈছে এক ভয়াবহ হত্যাকাণ্ড ৷ আজি ফাঁচী বজাৰ অঞ্চলৰ হোটেলৰ কোঠাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ মৃতদেহ।ফাঁচী বজাৰৰ মাজমজিয়াত অৱস্থিত হোটেল ৰাজহন্সত সংঘটিত হৈছে এই ঘটনা।
তথ্য অনুসৰি ১৪ জানুৱাৰীৰ পৰা মহিলাগৰাকী আৰু তেওঁৰ স্বামী হোটেলখনত আছিল যদিও কমেইহে বাহিৰলৈ ওলাইছিল ৷
হোটেল কৰ্তৃপক্ষই জনোৱা মতে মঙলবাৰৰ পৰা কোঠাটো সম্পূৰ্ণৰূপে বন্ধ হৈ আছে যাৰ বাবে তেওঁলোকৰ মনত সন্দেহৰ সৃষ্টি হয় আৰু মাষ্টাৰ চাবিৰে কোঠাটোৰ তলা খুলি দিয়াৰ লগে লগে মহিলাগৰাকীৰ নিৰ্জীৱ মৃতদেহটো উদ্ধাৰ হয়।
সন্দেহ কৰা হৈছে যে মহিলাগৰাকীৰ স্বামীয়ে মহিলাগৰাকীক হত্যা কৰিছিল আৰু মৃতদেহ উদ্ধাৰ হোৱাৰ সময়লৈ তেওঁ সেই ঠাইৰ পৰা পলাউন কৰিছিল ।
মৃত মহিলা গৰাকীক তজনীমা খাতুম বুলি চিনাক্ত কৰা হৈছিল । হত্যাকাণ্ডৰ অভিযোগৰ পিছতেই স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ।