VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে জানো আহক ইউনেস্ক’ৰ দ্বাৰা নিৰ্ধাৰিত ভাৰতৰ কেইখনমান ঠাইৰ বিষয়ে

দেশৰ পৰ্যটনস্থলীৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে ২৫ জানুৱাৰীত উদযাপন কৰা হয় 'ৰাষ্ট্ৰীয় পৰ্যটন দিৱস'

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 25, 2023
in সংস্কৃতি
ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে জানো আহক ইউনেস্ক’ৰ দ্বাৰা নিৰ্ধাৰিত ভাৰতৰ কেইখনমান  ঠাইৰ বিষয়ে
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

ভাৰতবৰ্ষৰ  ঐতিহ্য,পৰম্পৰা , প্ৰাকৃতিক সৌন্দৰ্য্য, আৰু বৈচিত্ৰময় সংস্কৃতি সমগ্ৰ বিশ্বতেই  অতুলনীয় ৷এই অনন্য বৈশিষ্ট্যসমূহ উদযাপনৰ বাবেই  আজিৰ দিনটো ৰাষ্ট্ৰীয় পৰ্যটন দিৱস হিচাপে উৎসৰ্গিত  ।

দেশৰ অৰ্থনীতিক  উদগনি যোগাবলৈ আৰু বিভিন্ন  পৰ্যটনস্থলীৰ বিষয়ে প্ৰচাৰ আৰু সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে ২৫ জানুৱাৰীত উদযাপন কৰা হয় এই বিশেষ দিনটো ৷  ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে  জানোঁচোন আহক  ইউনেস্ক’ৰ দ্বাৰা স্বীকৃত  ভাৰতৰ পাঁচখন বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বিষয়ে ৷

ধোলাভিৰা: গুজৰাটৰ এখন হৰপ্পান চহৰ ধোলাভিৰা ৷ গুজৰাটৰ কুচ জিলাত অৱস্থিত এই প্ৰত্নতাত্ত্বিক স্থানৰ নাম  শেহতীয়াকৈ এই বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই ঐতিহ্য ক্ষেত্ৰৰ  হৰপ্পা জনগোষ্ঠীৰ লিপি আৰু ভাষা এতিয়াও পুৰাতত্ত্ববিদসকলৰ বাবে এক ৰহস্যৰ আৱৰ্তত যদিও  ইয়াত বহুতো মোহৰ আৰু লিপি  উদ্ধাৰ হৈছে  ।

মানস বন্যপ্ৰাণী অভয়াৰণ্য, অসম-অসমৰ এক  জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে সংৰক্ষিত এই উদ্যানখনত আছে  হিমালয়ৰ পাদদেশৰ কিছুমান অতি বিৰল আৰু বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণী । ইয়াত বনৰীয়া  ম’হ, কাছ, সোণালী লেংগুৰ, চীনা পেংগোলিন, হাঁহ আদি দেখা পোৱা যায়।

মুম্বাইৰ ডেভিদ ছাছুন  পুথিভঁৰাল-  ১৮৭০ চনত নিৰ্মাণ কৰা হৈছিল এই পুথিভঁৰালটো ৷ চলচিত্ৰ নগৰী মুম্বাই এখন ব্যস্ত মহানগৰ হ’লেও মহানগৰ খন ইয়াৰ   ঐতিহাসিক স্থাপত্যৰ বাবে  সমগ্ৰ বিশ্বতে পৰিচিত। চহৰখনত  ব্ৰিটিছ ৰাজৰ সময়ত নিৰ্মিত অট্টালিকা যেনে মুম্বাই উচ্চ ন্যায়ালয়, ডেভিদ ছাছুন লাইব্ৰেৰী, এলফিনষ্টন কলেজ আৰু ইৰ’ছ চিনেমা আদি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।  ২০১৮ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল এই ক্ষেত্ৰসমূহ।

গ্ৰেট লিভিং চোলা মন্দিৰ, তামিলনাডু-খ্ৰীষ্টীয় একাদশ আৰু দ্বাদশ শতিকাৰ এই মন্দিৰসমূহ তামিলনাডুৰ থাঞ্জাৱুৰ, গংগাইকোণ্ডা চোলাপুৰম আৰু কুম্বকোনামত অৱস্থিত যি  দ্ৰাবিড় শৈলীৰ স্থাপত্যৰ  এক সুন্দৰ উদাহৰণ। আনহাতে  প্ৰথম ৰাজা  চোলে নিৰ্মাণ কৰিছিল থাঞ্জাৱুৰৰ মূল মন্দিৰ বৃহদিশ্বৰ মন্দিৰ  যি  দক্ষিণ ভাৰতৰ আটাইতকৈ ডাঙৰ মন্দিৰ।

মধ্যপ্ৰদেশৰ ভীমবেটকাৰ শৈলাশ্ৰম-মধ্যপ্ৰদেশৰ এই প্ৰত্নতাত্ত্বিক স্থান  প্ৰাগঐতিহাসিক শিলা যুগৰ পৰাই বিখ্যাত  ৷  ১,০০,০০০ বছৰ আগতেই ই আছিল  মানৱ বসতিস্থল । এই স্থানত থকা গুহাৰ চিত্ৰই আমাক প্ৰাচীন চিকাৰী সকলৰ জীৱনৰ আভাস দিয়ে। এই  শিল্পকৰ্মসমূহত জীৱ-জন্তু, মানুহৰ আকৃতি আৰু চিকাৰৰ দৃশ্য দেখুওৱা হৈছে।

Previous Post

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

Next Post

অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা – ৰাজ্যজুৰি বুথ সভা সম্পন্ন

Related Posts

চৌদিশে বসন্তৰ আগজাননী , ফাগুন তোমাক জঁনালো আমন্ত্ৰণী
সংস্কৃতি

চৌদিশে বসন্তৰ আগজাননী , ফাগুন তোমাক জঁনালো আমন্ত্ৰণী

February 27, 2023
শিল গুটি দলিয়াই পুষ্পাঞ্জলি দিয়া ‘ঢেল খোৱা শিৱ মন্দিৰ’ টো ক’ত আছে জানেনে ?
সংস্কৃতি

শিল গুটি দলিয়াই পুষ্পাঞ্জলি দিয়া ‘ঢেল খোৱা শিৱ মন্দিৰ’ টো ক’ত আছে জানেনে ?

February 18, 2023
আজি ‘আলি-আয়ে-লৃগাং’। মিচিং সকলৰ ঋতুকালীন উৎসৱ আলি-আয়ে-লৃগাং
সংস্কৃতি

আজি ‘আলি-আয়ে-লৃগাং’। মিচিং সকলৰ ঋতুকালীন উৎসৱ আলি-আয়ে-লৃগাং

February 15, 2023
“ব্ৰাছ ষ্ট্ৰক” নহয়, এইয়া ব্ৰেইন ষ্ট্ৰক; কিয় এনেদৰে ক’লে একাংশ শিল্পীয়ে
সংস্কৃতি

“ব্ৰাছ ষ্ট্ৰক” নহয়, এইয়া ব্ৰেইন ষ্ট্ৰক; কিয় এনেদৰে ক’লে একাংশ শিল্পীয়ে

February 13, 2023
মাছ মানুহৰ পূর্বপুৰুষ, বান্দৰ নহয় ; জানক  এই ৰোমাঞ্চকৰ তথ্য
অভিমত

মাছ মানুহৰ পূর্বপুৰুষ, বান্দৰ নহয় ; জানক  এই ৰোমাঞ্চকৰ তথ্য

February 6, 2023
অসমীয়া সংস্কৃতিৰ ঐতিহ্য সৰ্থেবাৰীৰ “মাঘী পূৰ্ণিমাৰ সভা”
সংস্কৃতি

অসমীয়া সংস্কৃতিৰ ঐতিহ্য সৰ্থেবাৰীৰ “মাঘী পূৰ্ণিমাৰ সভা”

February 6, 2023
Next Post
অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা – ৰাজ্যজুৰি বুথ সভা সম্পন্ন

অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা - ৰাজ্যজুৰি বুথ সভা সম্পন্ন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7