ভিটামিন শৰীৰৰ কাৰণে অতি প্ৰয়োজন। ভিটামিনৰ অভাৱৰ ফলত বেমাৰৰ সৃষ্টি হোৱাৰ দৰে অধিক ভিটামিনেও শৰীৰৰ ক্ষতি কৰিব পাৰে। শৰীৰত ভিটামিনৰ প্ৰভাৱ বাঢ়ি গলে হাইপাৰভিটামিনোচিছত আক্ৰান্ত হয়। জাঁনো আহক হাইপাৰভিটামিনোচিছৰ বিষয়ে–
১) যি সকল ব্যক্তিৰ অতিৰিক্ত ওজন হয় তেওঁলোকৰ মাজত এই সমস্যাই দেখা দিব পাৰে। চিকিৎসকৰ মতে , শিশু আৰু বয়স্ক লোঅৰ ক্ষেত্ৰত হাইপাৰভিটামিনোচিছ ৰোগ হোৱাৰ সম্ভাৱনা বেছি থাকে।
২) শৰীৰত ভিটামিন এ’ৰ পৰিমাণ বাঢ়ি গলেও হাইপাৰভিটামিনোচিছ হ’ব পাৰে। শৰীৰত ভিটামিন এ’ বাঢ়ি গলে মূৰৰ বিষ , পেশীৰ বিষ , গাঠিৰ বিষ আৰু বমি হোৱাৰ লক্ষণে দেখা দিয়ে।
৩) ভিটামিন ডি’ৰ পৰিমাণ বাঢ়ি গলেও হাইপাৰভিটামিনোচিছ হ’ব পাৰে। মানসিক অৱসাদ , মূৰৰ বিষ , ক্লান্তি তথা নিদ্ৰাভাৱ আদি এই ৰোগৰ লক্ষণে দেখা দিয়ে। ইয়াৰ উপৰিও হৃদৰোগ আৰু কিডনীৰ ৰোগ হোৱাৰো সম্ভাৱনা থাকে।
৪) ভিটামিন ই’ৰ পৰিমাণ বাঢ়ি গলেও শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা ক্ষতিগ্ৰস্ত হয়। কোনো ঠাইত কটা-চিঙা হ’লেও সহজতে তেজ ওলোৱা বন্ধ নহয়। তাৰোপৰি ভিটামিন ই’ৰ আধিক্যই সংক্ৰমণৰ আশংকা বঢ়াই তোলে।
শৰীৰত ভিটামিনৰ পৰিমাণ বাঢ়ি গ’লে বেছিভাগ ক্ষেত্ৰতে ঔষধ আৰু থেৰাপিৰ প্ৰয়োজনহৈ পৰে। গতিকে এই ৰোগত অৱহেলা নকৰি অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।