গুৱাহাটী, ৩১ জানুৱাৰী: ৰাজ্যৰ জনসাধাৰণক মাধমাৰ শোধাই পুনৰ APDCL এ বিদ্যুৎ মাছুল বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে আম আদমি পাৰ্টি অসমে। আজি আয়োজন কৰা এখন সংবাদ মেলত আপৰ যুটীয়া সমন্বয়ক জিতুল ডেকাই কয় যে FPPI ৰ দোহাই দি যোৱা আগষ্ট মাহৰ পৰা ধাৰাবাহিক ভাবে বিদ্যুৎ মাছুল বৃদ্ধি কৰি আহিছে APDCL এ। যোৱাকালি মুখ্য মন্ত্ৰীয়ে কৈছিল যে বিদ্যুৎ চুৰি বৃদ্ধি হৈছে তাৰ বাবে APDCL ৰ লোকচান হৈছে। সংবাদ মেলত জিতুল ডেকাই কয় যে বিদ্যুৎ সাধাৰণ ৰাইজে চুৰি কৰা নাই যাৰ বাবে ৰাইজৰ মূৰত এই লোকচানৰ বোজা জাপি দিব বিচৰা হৈছে। বিদ্যুৎ চুৰি কৰিছে বৃহৎ পুঁজি পতি গোষ্ঠীয়ে।
এই চুৰি কাৰ্যত সহায় কৰিছে APDCL ৰ বিষয়াই। এই সন্দৰ্ভত সংবাদ মেলত তথ্য দেখুৱাই কয় যে গৃহ শক্তি ষ্টিল নামৰ প্ৰতিষ্ঠান এটাৰ বিদ্যুৎ চুৰি কাৰ্য ধৰা পেলাইছিল APDCL ৰ ৬ জনীয়া এটা বিষয়াৰ দলে। এই কাৰ্যৰ বাবে জৰিমনা বিহাৰ পৰিবৰ্তে চুৰি কাৰ্য ধৰা পৰাৰ পিছ দিনাই এখন তথাকথিত কমিটি গঠন কৰি প্ৰতিষ্ঠান টোক ৰেহাই দিয়া হল। এই কথা Consumer Grievances Redressal Forum ত C.P Case No ২০/২১ মৰ্মে হোৱা শুনানিৰ অৰ্ডাৰত স্পষ্টকৈ উল্লেখ আছে। আনহাতে বৰাকৰ এটা উদ্যোগৰ ২৫ কোটি টকাৰ বিল ৪কোটি টকালৈ হ্ৰাস কৰি ৰেহাই দিয়ে।
এনে কাৰ্যৰ বাবে APDCl ৰ যি লোকচান হৈছে তাৰ বোজা ৰাইজৰ ওপৰত জাপি দিলে নহব। APDCL যদিও এটা company হিচাপে পৰিচিত বাস্তৱিকতে ইয়াৰ ১০০ শতাংই মালিকী স্বত্ব অসম চৰকাৰৰ।গতিকে APDCl এ গ্ৰহন কৰা জন বিৰোধী কাৰ্যৰ বাবে অসম চৰকাৰ সম্পূৰ্ণ ভাবে জগৰীয়া। যিহেতু চৰকাৰ খনে নিজকে জন দৰদী বুলি জাহিৰ কৰিব বিচাৰে গতিকে জনতাক বৰ্দ্ধিত বিদ্যুৎ মাছুলৰ পৰা ৰেহাই দিবলৈ মুখ্য মন্ত্ৰীয়ে ডিব্ৰুগড় কেবিনেটত নতুন প্ৰকল্প নিৰ্মাণৰ যি পৰিকল্পনা লৈছে তাৰে এটা প্ৰকল্পৰ বাবে খৰচ কৰিব লগীয়া পুঁজি APDCL ক অনুদান হিচাপে দি লোকচান পূৰণ কৰক। APDCL ৰ ভিতৰত যি কেলেংকাৰী, দুৰ্নীতি, অপচয় চলি আছে তাৰ বাবে হে APDCL ৰ লোকচান হৈছে। মুখ্য মন্ত্ৰীক ইয়াৰ বাবে তদন্ত দিবলৈ দাবী জনায়।
আনহাতে মুখ্যমন্ত্ৰী য়ে ১২টকাকৈ প্ৰতি ইউনিট বিদ্যুৎ ক্ৰয় কৰি ৪টকাকৈ উপভোক্তাক দিয়া বুলি যি মন্তব্য কৰিছে সেই কথা সম্পূৰ্ণ মিছা বুলি দাবী কৰি জিতুল ডেকাই এই সন্দৰ্ভত সংবাদ মেলত APDCl এ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা বিদ্যুৎ ক্ৰয় কৰা নিৰিখৰ তালিকাৰ আন এক তথ্য দেখুৱাই। মুখ্যমন্ত্ৰী ক হয়টো এই বিষয়ত APDCl ৰ কোনো বিষয়াই বিপথে পৰিচালনা কৰিছে বুলিও তেওঁ মন্তব্য কৰে।