ৰাতিপুৱা নে আবেলি , ব্ৰেকফাষ্টৰ লগত নে ব্ৰেকফাষ্টৰ পিছত কোন সময়ত ফল খাব লাগে জাঁনো আহক—-
মানৱ শৰীৰৰ প্ৰয়োজনীয় ভিটামিন , খনিজ-মৌল আৰু পুষ্টিগুণ পোৱা যায় ফল-মূলত। কিছুমান ফলত নানা ধৰণৰ উপাদান থকাৰ বাবে গাখীৰ বা গাখীৰৰ পৰা প্ৰস্তুত হোৱা খাদ্যৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটে। ফল খোৱাৰ সঠিক সময় হ’ল ৰাতিপুৱা। ৰাতিপুৱা শুই উঠাৰ পিছত ফল খালে সোনকালে হজম হোৱাৰ উপৰিও ফলত থকা গুৰুত্বপূৰ্ণ ভিটামিন আৰু এনজাইম বিলাক সঠিক ভাবে কাম কৰিব পাৰে। ব্ৰেকফাষ্ট কৰাৰ পিছত দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ মাজৰ সময় খিনিত ফল খোৱা উপকাৰী। বিশেষজ্ঞ সকলৰ মতে —
১) এচিডিটি বা বুকু জ্বোলা -পোৰা কৰাৰ সমস্যা থাকে তেনেহ’লে ৰাতিপুৱা খালি পেটত ফল খোৱা উচিত নহয়।
২) কফৰ সমস্যা বা সৰ্দি-হাপানীৰ সমস্যা থাকিলেও ব্ৰেকফাষ্টত ফল খোৱা উচিত নহয় বুলি বিশেষজ্ঞ সকলে জনাইছে।
৩) ৰাতি শুবলৈ যোৱাৰ আগত ফল খালে তেজত শৰ্কৰাৰ পৰিমাণ বঢ়াই তুলিব পাৰে আৰু সুন্দৰ টোপনিৰ পৰা বঞ্চিত হ’ব পাৰে।
৪) সময়ৰ অভাৱৰ বাবে প্ৰধান আহাৰৰ লগতে ফল খালে হজম শক্তি নষ্ট হয়। ফলৰ পুষ্টিগুণ শৰীৰত সঠিক ভাৱে কাম কৰিবলৈ হ’লে আহাৰৰ একঘণ্টা আগত বা একঘণ্টা পিছত ফল খাব লাগে।
৫) কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে ফল খালে উপকাৰ পোৱা যায়।
৬) অন্ত্ৰত প্ৰয়োজনীয় বেকটেৰিয়াৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে ফলে।
৭) শৰীৰ যদি সুস্থ থাকে তেনেহ’লে দিনৰ যি কোনো সময়তে ফল-মূল খাব পাৰি।
৮) ব্ৰেকফাষ্টত অকল ফলেই থাকিব নালাগে ফলৰ লগত আন খাদ্যও থকাটো প্ৰয়োজন।