প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যৱসায়ী বন্ধু আদানীক ধনী কৰাৰ লক্ষ্যেৰে বি জে পি চৰকাৰে কৰা চৰম বিত্তীয় বিশৃংখলা আৰু দেশবাসীক কৰা বিত্তীয় প্ৰৱঞ্চনাৰ প্ৰতিবাদত কাইলৈ, ৬ ফেব্ৰুৱাৰী তাৰিখে কংগ্ৰেছে দেশজুৰি আহ্বান দিয়া প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটী আৰু কামৰূপ (গ্ৰাম্য) জিলা কংগ্ৰেছ কমিটীৰ যুটীয়া উদ্যোগত গুৱাহাটী মহানগৰতো ৰূপায়ণ কৰা হ’ব।
দিনৰ ১১ বজাৰ পৰা ভাৰতীয় জীৱন বীমা নিগম (এল আই চি)ৰ ফাচিবজাৰস্থ মাণ্ডলিক কাৰ্যালয়ৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বানত নেতা-কৰ্মীসকলে এই কাৰ্যসূচী ৰূপায়ন কৰিব।
এই কাৰ্যসূচীত সমূহ সাংবাদিক বন্ধুৰ সহযোগিতা কামনা কৰা হ’ল।