শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত নিযুক্তি পোৱা পাঁচজন ন্যায়াধীশে আজি শপত গ্ৰহণ কৰে ৷ইয়াৰ লগে লগে উচ্চতম ন্যায়ালয়ত অনুমোদিত ৩৪টা ন্যায়াধীশৰ পদৰ বিপৰীতে ন্যায়াধীশৰ সংখ্যা ৩২লৈ বৃদ্ধি হয় ৷ ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে পাঁচজন ন্যায়াধীশক শপত বাক্য পাঠ কৰোৱাই ৷
নতুনকৈ নিযুক্তি লাভ কৰা হৈছে ন্যায়াধীশ পংকজ মিথাল, সঞ্জয় কেৰল, পিভি সঞ্জয় কুমাৰ, আহছানুদ্দিন অমানুল্লাহ আৰু মনোজ মিশ্ৰ। শীৰ্ষ আদালতত ন্যায়াধীশ পদৰ বাবে পাঁচোটা নামেই বিগত বৰ্ষৰ ১৩ ডিচেম্বৰত ছয়জনীয়া উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পৰামৰ্শ দিছিল। ৪ ফেব্ৰুৱাৰীত এই নিযুক্তিসমূহত অনুমতি প্ৰদান কৰে আইন মন্ত্ৰীগৰাকীয়ে।
কলেজিয়াম ব্যৱস্থাটোক লৈ উচ্চতম ন্যায়ালয় আৰু কেন্দ্ৰৰ মাজত সংঘর্ষৰ সৃষ্টি হৈছে ৷ শেহতীয়াকৈ আইন মন্ত্ৰী ৰিজিজুৱে কলেজিয়াম ব্যৱস্থাক ভাৰতীয় সংবিধানৰ পৰিপন্থী বুলি অভিহিত কৰিছে ৷ চৰকাৰে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তিৰ কলেজিয়াম ব্যৱস্থাৰ ঠাইত নতুন পদ্ধতিৰে ব্যৱহাৰ কৰিব বিচাৰিছিল।