মানুহৰ মনত এটা ভ্ৰান্ত ধাৰণা আছিল যে তেওঁলোকৰ পূৰ্বপুৰুষ আচলতে বান্দৰ। বিজ্ঞানীসকলৰ মতে, এশ বছৰতকৈও অধিক সময়ৰ আগতে পোৱা এটা জীৱাশ্মই সেই ইতিহাস সলনি কৰিব পাৰে। ১০০ বছৰতকৈও অধিক পূর্বে The Scottish Quarry ৰ পৰা এটা জীৱাশ্ম আৱিষ্কাৰ হৈছিল। শৰীৰটো আছিল দাঁতবিহীন শৰীৰ দৰে।
বিজ্ঞানীসকলে ইয়াক palaeospondylus gunni বুলি কয় প্ৰায় ১৩০ বছৰৰ পাছত High Resolution Imaging ব্যৱহাৰ কৰি গৱেষকসকলে অৱশেষত আৱিষ্কাৰ কৰিছে যে এই ৰহস্যময় মাছতো হয়তো আমাৰ অন্যতম পূর্বপুৰষ।
নেচাৰ নামৰ আলোচনীখনত প্ৰকাশ পাইছে এই নতুন তথ্য। ট’কিঅ বিশ্ববিদ্যালয়ৰ পুৰাজীৱ বিজ্ঞানী তথা গৱেষক লেখিকা তাটছুৱা হিৰাছাৱাই কয় যে এই সৰু মাছটো ৰহস্যময় হোৱাৰ কাৰণ দুটা — প্রথমতে, ইয়াৰ সৰু আকাৰ, ২.৪ ইঞ্চি মাত্র, দ্বিতীয়তে, জীৱাশ্মটোৰ সংকুচিত আকাৰ। বিজ্ঞানীসকলে প্ৰকাশ কৰা তথ্য অনুসৰি palaeospondylu মধ্য ডেভ’নিয়ান যুগত পোৱা গৈছিল। এই মাছৰ পাখিবোৰ ভালদৰে বিকশিত হৈছিল কিন্তু হাত – ভৰি নাছিল। আমোদজনক কথাটো হ’ল ইয়াৰ দাঁত ও নাছিল। কিন্তু সেই সময়ৰ প্ৰায়বোৰ মেৰুদণ্ডী প্ৰাণীৰ দাঁত আছিল।
বছৰ বছৰ জুৰি বিজ্ঞানীসকলে এই মাছটোক লৈ চিন্তা- চৰ্চা, গৱেষণা কৰি আহিছে, কিন্তু ২০০৪ চনত গৱেষকসকলে American Scientist জাৰ্নেলত প্ৰকাশ কৰিছিল যে, পেলিঅ’স্পণ্ডাইলাছ এটা প্ৰাচীন মাছ আছিল। ২০১৬ চনত Journal of Zoological Letters ত প্ৰকাশিত তথ্য মতে, ই প্ৰকৃততে হগফিছৰ দৰে মাছৰ প্ৰজাতি। ঠিক এবছৰৰ পাছতেই Australian National University ৰ গৱেষক দল এটাই কয় যে, বৰ্তমান ই এটা কাৰ্টিলেজিনাছ মাছ, শ্বাৰ্কৰ দৰেই। এই university ৰ পদাৰ্থ বিজ্ঞানৰ গৱেষক ছাত্র এজনে জনোৱা মতে, ১৮৯০ চনত প্ৰথমবাৰৰ বাবে এই প্ৰাণীটো আৱিষ্কাৰ কৰা হৈছিল, বৰ্তমান পৰ্যন্ত কোনেও নিখুঁত সমাধান পঠাব পৰা নাছিল, যিটো আচৰিত কথা নহয়। এই palaeospondylus ৰ ৰহস্য উৎঘাটন কৰিবলৈ Micro computed tomography স্কেনিং প্ৰযুক্তি ব্যৱহাৰ কৰি উচ্চ ৰিজ’ লিউচনৰ ডিজিটেল ছবি তৈয়াৰ কৰা হয়।
উদাহৰণস্বৰূপে, এই প্ৰাণীটোৰ ভিতৰৰ কাণত বহুতো অৰ্ধবৃত্তাকাৰ খাল আছিল। যেনে– আজিৰ মাছ, চৰাই – চিৰিকটি আৰু স্তন্যপায়ী প্ৰাণী। গৱেষকসকলে ক্ৰেনিয়াল বৈশিষ্ট্য ও বিচাৰি পাইছে যিয়ে palaeospondylus is a tetrapodomorph ৰ গোটত ৰাখে। এই অধ্যয়নৰ পৰা বিজ্ঞানীসকলে অনুমান কৰিছে যে পেলিঅ’স্পণ্ডাইলাছ হয়তো কেৱল এটা সাধাৰণ টেট্ৰাপ’ড’মৰ্ফ নহব’ও পাৰে। ই হয়তো সকলো টেট্ৰাপ’ড’মৰ্ফৰ পূৰ্বপুৰুষ।