আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা হঠাতে অৱসৰ ল’লে এৰন ফিঞ্চে। ২০২১ চনত তেওঁৰ নেতৃত্বত অষ্ট্ৰেলিয়াই টি-২০ বিশ্বকাপ জয় কৰিছিল। সেই ফিঞ্চক আৰু অষ্ট্ৰেলিয়াৰ জাৰ্চিত খেলা দেখা নাযাব। টেষ্ট ক্ৰিকেটত কোনো সুযোগ নাপালে ফিঞ্চে। যোৱা বছৰ তেওঁ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। এইবাৰ তেওঁ টি-২০ৰ পৰাও অৱসৰ গ্ৰহণ কৰে। অৱশ্যে ফিঞ্চে বিগ বেছ লীগত খেলাৰ সম্ভাৱনা আছে। আই পি এলতো খেলিব পাৰে ক্ৰিকেটাৰ গৰাকীয়ে।
পৰৱৰ্তী টি-২০ বিশ্বকাপ ২০২৪ চনত। ফিঞ্চৰ মতে তাৰ আগতে নতুন অধিনায়কক সময় দিয়া উচিত। ইমান দিনে টি-২০ ক্ৰিকেটত তেওঁ অষ্ট্ৰেলিয়াৰ অধিনায়ক আছিল। ফিঞ্চৰ অৱসৰৰ লগে লগে অষ্ট্ৰেলিয়াই এইবাৰ নতুন অধিনায়ক বিচাৰিব লাগিব। ফিঞ্চে কয় –“ অষ্ট্ৰেলিয়াৰ টি-২০ দলৰ অধিনায়ক যিয়েই হ’ব, তেওঁ সময় দিব লাগিব। দলটোক নতুন অ’পেনাৰৰ প্ৰয়োজন। তেওঁকো সময়ৰ প্ৰয়োজন। অহা ১৮ মাহৰ ভিতৰত দলটো সংগঠিত হ’ব লাগিব। মই বহুত ভাগ্যৱান যে ১২ বছৰ খেলিছো। মই ভাবো এইটোৱেই আটাইতকৈ উত্তম সময়।”
২০১১ চনত অষ্ট্ৰেলিয়াৰ হৈ ফিঞ্চে অভিষেক ঘটায়। ১২ বছৰত ১০৩খন টি-২০ আৰু ১৪৬খন এদিনীয়া খেলিছে। তেওঁ মাত্ৰ ৫ খন টেষ্ট খেলিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ ১৯টা শতক অর্জন কৰিছে। তাৰ ভিতৰত ফিঞ্চে টি-২০ ক্ৰিকেটত দুটা শতক অৰ্জন কৰে। ২০১৮ চনত শেষবাৰৰ বাবে টেষ্ট খেলিছিল। ভাৰতৰ বিৰুদ্ধে বক্সিং ডে’ টেষ্ট খেলিছিল তেওঁ। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলি ফিঞ্চে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। যোৱা টি-২০ত অক্টোবৰ মাহত আয়াৰলেণ্ডৰ বিৰুদ্ধে তেওঁ খেলিছিল।
২০১৯ চনত অধিনায়ক ফিঞ্চে অষ্ট্ৰেলিয়াক এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেললৈ লৈ যায়। ২০২১ চনত তেওঁৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াই টি-২০ বিশ্বকাপ জয় কৰিছিল। যদিও ২০২২ চনত তেওঁলোকে গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হয় ৷ফিঞ্চে আই পি এলত নিয়মীয়াকৈ খেলিছিল। তেওঁৰ ৯টা দলৰ হৈ খেলাৰ অভিজ্ঞতা আছে। ৯২খন মেচত ২০৯১ ৰান সংগ্ৰহ কৰে। শেষবাৰৰ বাবে তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলিছিল।