জয়ছালমেৰত আজি বিয়াত বহিব সিদ্ধাৰ্থ মালহোত্ৰ আৰু কিয়াৰা আদৱানী। এতিয়াৰ বাবে তেওঁলোকৰ ঠিকনা হৈছে সূৰ্য্যগড় প্ৰাসাদ। মৰুষহাৰৰ অন্যতম বিলাসী ৰাজপ্ৰসাদ ৰঙীন আলোকেৰে সজাই তোলা হৈছে। সকলো বিয়াৰ অনুষ্ঠান ইয়াতেই অনুষ্ঠিত হ’ব ৷ বিয়াৰ পিছত সিদ্ধাৰ্থ আৰু কিয়াৰাৰ ঠিকনা ক’ত? প্ৰাপ্ত তথ্য অনুসৰি বলীউডৰ সুদর্শন নায়ক’ গৰাকীয়ে ইতিমধ্যে মায়ানগৰী মুম্বাইত থকাৰ ব্যৱস্থা বিচাৰিবলৈ আৰম্ভ কৰিছে। সিদ্ধার্থই কেইবাটাও ঘৰৰ সন্ধান চলাইছে । ইয়াৰ ভিতৰত সিদ্ধাৰ্থই ৭০ কোটি টকাৰ এটা বাংলো ক্ৰয় কৰাৰ বাবে আগ্ৰহী। , ‘শ্বেৰশ্বাহ’ৰ অভিনেতাজনে কিনিব বিচাৰিছে সমুদ্ৰৰ সন্মুখত থকা বাংলোটো।
সিদ্ধাৰ্থ মালহোত্ৰাৰ জন্ম দিল্লীত। তাত তেওঁ ডাঙৰ দীঘল হৈছে ৷ অভিনয় জগতত প্ৰৱেশ কৰাৰ পিছৰে পৰা সিদ্ধার্থ মুম্বাইত বাস কৰি আহিছে। বৰ্তমান তেওঁৰ ঠিকনা বান্দ্ৰাৰ এটা বাংলো। সেই ঘৰৰ পৰা আৰব সাগৰ দেখা যায়। সিদ্ধার্থ আৰু কিয়াৰাই বিয়াৰ পিছত ডাঙৰ ঠাইত আৰম্ভ কৰিব বিচাৰিছে নতুন জীৱন। ইতিমধ্যে সিদ্ধাৰ্থই হ’বলগীয়া পত্নীৰ ইচ্ছা পূৰণৰ বাবে ঘৰ বিচাৰিবলৈ আৰম্ভ কৰিছে। কেইবাটাও বাংলো বাছি লোৱা হৈছে ৷ তাৰ ভিতৰত তেওঁৰ প্ৰিয় হৈছে পালি হিলৰ এটা বাংলো, যাৰ দাম প্ৰায় ৭০ কোটি টকা। নৱবিবাহিত দম্পতীয়ে বাংলোটোৰ নির্মাণ সম্পূর্ণ হ’লে তাত বাস কৰিব ৷
১০০-১২৫ জন অতিথিৰ উপস্থিতিত দুয়োগৰাকী তাৰকাই বিবাহ পাশত আৱদ্ধ হ’ব ৷ অতিথি তালিকাত আছে কৰণ জোহৰ, পত্নীসহ শ্বাহিদ কাপুৰ, কিয়াৰাৰ শৈশৱৰ বন্ধু ঈশা আম্বানী। বিয়াৰ পিছত তাৰকা দম্পতীয়ে ১২ ফেব্ৰুৱাৰীত মুম্বাইত এক অভ্যর্থনাৰ আয়োজন কৰিছে।