যোৱা ১৫ জানুৱাৰীত ইঞ্জিনৰ সমস্যাৰ বাবে নেপালত দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান। তদন্তকাৰীয়ে জনোৱা মতে, তেওঁলোকে য়েটি এয়াৰলাইন্সৰ বিমানখনৰ কব্লেক বক্স পৰীক্ষা কৰে। তদন্ত সমিতিৰ মতে, এটিআৰ-৭২ বিমানখনৰ উৰণৰ তথ্য ৰেকৰ্ডাৰ আৰু ককপিটৰ ভইচ ৰেকৰ্ডাৰৰ ৰেকৰ্ডত ইঞ্জিনৰ সমস্যাৰ ইংগিত পোৱা গৈছে।
যোৱা ১৫ জানুৱাৰীত কাঠমাণ্ডুৰ পৰা পোখাৰা অভিমুখী পথত দুৰ্ঘটনাগ্ৰস্ত হৈছিল য়েটি এয়াৰলাইন্সৰ বিমানখন। বিমানখনৰ উৰণৰ ২০ মিনিটৰ পিছতে সংঘটিত হয় এই দুৰ্ঘটনা। অৱতৰণ কৰাৰ ১০ ছেকেণ্ডৰ পূৰ্বে বিমানখন চেতি নদীৰ পাৰৰ এটা খাৱৈত খুন্দা মাৰে। এই পতনৰ কেইবাটাও ভিডিঅ’ পোহৰলৈ আহিছে।
দুৰ্ঘটনাটোত বিমানখনৰ আটাইকেউজন লোকৰ মৃত্যু ঘটে ৷ মুঠ ৭২ জন লোকৰ মৃত্যু হয় । ৬৮ জন যাত্ৰীৰ ভিতৰত ৫ জন ভাৰতীয়, ৪ জন ৰাছিয়ান, এজন আয়াৰলেণ্ডৰ। দুৰ্ঘটনাটোৰ তদন্তৰ বাবে গঠন কৰা হয় এখন বিশেষ সমিতি। ৪৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ সমিতিক নির্দেশ দিয়া হৈছিল ৷
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছদিনা উদ্ধাৰ হয় বিমানখনৰ ব্লেক বক্স। প্ৰথম অৱস্থাত বেয়া বতৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছিল। অৱশ্যে পিছত নেপালৰ বিমান মন্ত্ৰালয়ে আকাশ পৰিষ্কাৰ বুলি জানিবলৈ দিয়ে। যান্ত্ৰিক বিজুতিৰ বাবে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখন অৱতৰণ হ’বলগীয়া পোখাৰাত বিমানবন্দৰটো কিছু সপ্তাহ পূৰ্বে উদ্বোধন কৰা হৈছিল।