ডাইল আমি কম বেছি পৰিমাণে সকলোৱে খাওঁ। ভাতৰ লগতে হওঁক বা ৰুটিৰ লগতে হওঁক ডাইল নহ’লে কিবা নথকা যেন লাগে। তাৰোপৰি অধিক প্ৰ’টিন যুক্ত ডাইল শৰীৰৰ বাবেও উপযোগী। কেতিয়াবা ৰান্ধোতে ৰন্ধা বস্তুত নিমখ বেছি হৈ যাব পাৰে। নিমখ কম হ’লে কথা নাই পিছত দিব পাৰি কিন্তু বেছি হ’লেই সমস্যা কাৰণ তেতিয়া খোৱাৰ অনুপোযোগী হৈ পৰে। ঠিক তেনেকৈ কেতিয়াবা ডাইলত নিমখ বেছি হ’লে খোৱাটোৱে অশান্তিময় হৈ পৰে বা খাদ্য গ্ৰহণ আধাতে সামৰিব লগা হয়। এনেকুৱা পৰিস্থিতিত কি ব্যৱস্থালৈ ডাইল খিনি খাব পাৰি বা ৰন্ধা ডাইল খিনি পেলাই নিদি পৰিয়ালৰ সকলোৰে সৈতে মিলিজুলি খোৱাৰ উপযোগী কৰি তুলিব পাৰি তাৰ বিষয়ে জাঁনো আহক—
অলপ পানী গৰম কৰি ৰন্ধা ডাইলৰ লগত ভালকৈ মিহলাই উতলাই দিব লাগে। এনে কৰিলে নিমখৰ পৰিমাণ কমি যাব আৰু ডাইল খোৱাৰ উপযোগী হ’ব।
পিঁয়াজ আৰু নহৰু মিহি মিহিকৈ কাটি তেলত ভাজিব লাগে আৰু ভজা পিঁয়াজ -নহৰু ডাইলৰ ওপৰত দিব লাগে। এনে কৰিলে নিমখ কমি যোৱাৰ লগতে সোৱাদ সুন্দৰ হৈ থাকে।
ডাইলত নিমখ বেছি হোৱা যেন পালেই অলপ কেঁচা পিঁয়াজ কাটি দি পুনৰ ৰন্ধা ডাইল সিজাই দিব লাগে। পিঁয়াজ সিজি মিহলি হৈ গ’লে নিমখৰ পৰিমাণ কমি আহিব।
ডাইলত নিমগ বেছি হ’লে কেঁচা বিলাহী , আম , ঔটেঙা বা সামান্য পৰিমাণে নেমুৰ ৰস দিব লাগে। এই ধৰণেৰেও ডাইলৰ নিমখ কমাব পাৰি আৰু খোৱাৰ উপযোগী কৰিব পাৰি।
ডাইলত নিমখ বেছি হোৱা যেন পালে তিঁয়হ চকলা চকল কৈ কাটি পুনৰ ডাইল খিনি সিজাই দিব লাগে। এনে কৰিলেও ডাইলত নিমখৰ পৰিমাণ কমি যাব।
কেতিয়াবা অন্যমনস্কতা বা ভুল বশত ডাইলত নিমখৰ পৰিমাণ বেছি হৈ গ’লে চিন্তান্বিত হ’ব নালাগে বা ৰন্ধা ডাইল পেলাই নিদি ওপৰোক্ত প্ৰণালীৰে পুনৰ খোৱাৰ উপযোগী কৰি তুলিব পাৰি।