মাত্ৰ আৰু কেইদিনমান পাছতে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই অতিক্ৰম কৰিব এটা বছৰ ৷ । ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ এবছৰ পাৰ হ’ব। তাৰ ঠিক আগতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমাইৰ জেলেনস্কিয়ে সামৰিক আৰু অন্যান্য সাহায্য বিচাৰি ইউৰোপ ভ্ৰমণ কৰা কার্যই উদ্বিগ্নতাৰ সৃষ্টি কৰিছে ৷
বুধবাৰে তেওঁ ভ্ৰমণৰ প্ৰথম দিনাই লণ্ডনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকক সাক্ষাৎ কৰে। ইয়াৰ পিছত তেওঁ পেৰিছত উপস্থিত হয় ৷। বুধবাৰে নিশা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ অতিথি হিচাপে কটায় জেলেনস্কিয়ে। তাত মেক্ৰন আৰু জাৰ্মান চ্যান্সেলৰ অলাফ শ্বলজৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰে। ফ্ৰান্স আৰু জাৰ্মানীৰ শীৰ্ষ নেতাৰ সৈতে আলোচনাৰ অন্তত জেলেনস্কিয়ে কয় যে সময়সা-সম্পদ শেষ হৈ গৈ আছে। অৱশ্যে এই যুদ্ধত খেলখন ঘূৰাই অনাৰ ক্ষমতা ফ্ৰান্স আৰু জাৰ্মানীৰ হাতত আছে। আমি যিমান সোনকালে দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ পাম, যুদ্ধ বিমান পাম, সিমান সোনকালে ৰাছিয়াৰ আগ্ৰাসনৰ অন্ত পেলাব পাৰিম।”
ফ্ৰান্স আৰু জাৰ্মানীৰ দৰে ব্ৰিটেইনেও জেলেনস্কিক সমৰ্থন কৰাৰ বাৰ্তা দিছে। দুয়োখন দেশৰ শীৰ্ষ নেতাসকলৰ যৌথ সংবাদমেলত ছুনোকে ,‘মই মুকলিকৈ জনাইছো যে ব্ৰিটেইনে ৰাছিয়াৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ ইউক্ৰেইনক যুদ্ধ বিমান আৰু অস্ত্ৰ যোগান ধৰিব।“ ইয়াৰ উপৰিও সুনাকে নাটোৰ যুদ্ধ বিমান আৰু ইউক্ৰেইনৰ পাইলটসকলক অত্যাধুনিক বিমান উৰণৰ প্ৰশিক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে।
পেৰিছ আৰু লণ্ডন ভ্ৰমণৰ পিছত আজি পুৱা বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত উপস্থিত হয় ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি। লগত উপস্থিত হয় ৰাষ্ট্ৰোতি মেক্ৰন। তাত ইউৰোপীয় সংঘৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ উপৰি ইউৰোপীয় সংসদলৈও যোৱাৰ কথা আছে জেলেনস্কি। ইউক্ৰেইনৰ ইউৰোপীয় ইউনিয়নত যোগদানৰ সন্দৰ্ভত আলোচনা আগবঢ়াই নিব বিচাৰিছে জেলেনস্কিয়ে। এতিয়ালৈকে ইউৰোপীয় ইউনিয়নে ইউক্ৰেইনলৈ ৭২ বিলিয়ন ডলাৰৰ সাহায্য প্ৰেৰণ কৰিছে।
যুদ্ধ আৰম্ভ হোৱাৰ পিছত জেলেনস্কিৰ এয়া দ্বিতীয়টো বিদেশ ভ্ৰমণ। ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত ৱাশ্বিংটনলৈ গৈছিল জেলেনেস্কি। আমেৰিকা ভ্ৰমণৰ পিছত ইউৰোপৰ ভ্ৰমণ অধিক বন্ধুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।