তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পত ৩৫ হেজাৰতকৈয়ো অধিক লোকৰ মৃত্যু হোৱা ঘটনাই বিশ্ববাসীক শোকাহত কৰি তোলাৰ সময়তে একেৰাহে দুদিনত দুটাকৈ মৃদু ভূমিকম্পই জোঁকাৰি গ’ল ৰাজ্য ৷ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দেওবাৰে বিয়লি চাৰি বাজি ১৬ মিনিটত আৰু আৰু আজি ১১ বাজি ৫৭ মিনিটত ভূমিকম্পই জোঁকাৰি যায় ৰাজ্যখন ৷ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দেওবাৰে হোৱা ভূমিকম্পৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৪ ৷ নগাওঁ জিলাত আছিল ভূমিকম্পটোৰ উৎস ৷ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ উৎপত্তি হৈছিল ৷ আনহাতে আজি ১১ বাজি ৫৭ মিনিটত হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৩.২ ৷ ইয়াৰ উৎস হৈছে হোজাই জিলা ৷ এই ভূমিকম্পটো ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত উৎপত্তি হয় ৷