মহিলা টি-২০ বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰি ভাৰতে অভিযান আৰম্ভণি কৰিছিল। ৭ উইকেটৰ এই জয়ৰ পাছত বিৰাট কোহলী, শচীন টেণ্ডুলকাৰকে ধৰি বহুসংখ্যক ক্ৰিকেটাৰে হৰমনপ্ৰীত কৌৰক প্ৰশংসা কৰে। বিৰাটে বৃহৎ ৰাণৰ লক্ষ্য ভেদি কৰা জয়ৰ প্ৰশংসা কৰে। শচীনে পৰিয়ালৰ সৈতে খেল উপভোগ কৰে ৷
প্ৰথম বেটিং কৰি পাকিস্তানে ১৪৯ ৰান সংগ্ৰহ কৰে। ভাৰতীয় দলটোক জয়ী হ’বলৈ প্ৰয়োজন আছিল ১৫০ ৰানৰ। এটা অভাৰ বাকী থকা অৱস্থাত জেমাইমা ৰড্ৰিগেজে এই লক্ষ্য পুৰণ কৰে ৷ ৭ উইকেটতভাৰতীয় দলটোৱে জয়লাভ কৰাৰ পাছত বিৰাট কোহলিয়ে টুইট কৰি কয়, ‘পাকিস্তান ছোৱালী দলৰ বিৰুদ্ধে কল্পনাতীত জয়। ইমান হেঁচাৰ মাজতো বৃহৎ ৰাণৰ লক্ষ্য ভেদি জয়ী হোৱাটো সঁচাকৈয়ে প্ৰশংসনীয়। আমাৰ মহিলাটোৰ দলটোলৈ প্ৰতিটো প্ৰতিযোগিতা যি ধৰণেৰে আৰম্ভ কৰে, সেইটোৱে পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰিব। ই মহিলা ক্ৰিকেটক আৰু আগুৱাই নিব।”
শচীনে পত্নী অঞ্জলি আৰু পুত্ৰ অৰ্জুনৰ সৈতে খেলখন উপভোগ কৰে ৷ শচীনে টুইট কৰি কয়, ‘অঞ্জলি আৰু অৰ্জুনৰ সৈতে খেল উপভোপগ কৰিলো । বৰ ভাল লাগিল। শ্বেফালি (বাৰ্মা)ৰ আৰম্ভণি ভাল। জেমিমাই আগুৱাই লৈ গ’ল আৰু ৰিচা (ঘোষ)ই শেষ কৰিলে। ভাৰতক জয়ী হোৱা দেখি বৰ ভাল লাগিল।”
মিতালী ৰাজেও জেমাইমাদৰ প্ৰশংসা কৰে। ছোৱালীৰ দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে কয়, ‘এইটো এটা ডাঙৰ আৰম্ভণি। এই ৰানৰ লক্ষ্য পুৰণ কৰাটো সহজ নাছিল যদিও জেমিমা আৰু ৰিচাই ইয়াক চম্ভালি ল’বলৈ সক্ষম হয় ৷ আগন্তুক মেচসমূহৰ বাবে শুভকামনা ।” চেতেশ্বৰ পূজাৰাই কয়, ‘প্ৰতিযোগিতাৰ আৰম্ভণি ভাল আছিল। সকলোৱে বৰ ভাল খেলিলে। মহিলাৰ দললৈ অভিনন্দন। ইয়াক ধৰি ৰাখিব লাগিব।”