টিকটিকিয়া ৰঙা পোছাক ৷ আন্ধাৰৰ মাজতো জিলিকি উঠিছিল জেকেট আৰু ট্ৰাউজাৰ ৷ এনে এক ৰোমাঞ্চকৰ পৰিৱেশৰ মাজতে লক্ষলক্ষ অনুৰাগীৰ সন্মুখত দেওবাৰে নিশা সংগীতানুষ্ঠান পৰিৱেশন কৰে গ্ৰেমী বিজয়ী তাৰকা ৰিহানাই ৷ কিন্তু অনুষ্ঠানৰ মাজতে ৰিহানাই সুখবৰ দিলে দর্শকক ৷ ৰিহানা আচলতে গৰ্ভৱতী। গৰ্ভত সন্তান থকা সত্বেও সংগীত পৰিৱেশন কৰি এক নজিৰ গঢ়ি তুলিছিল ৷ আৰু দেওবাৰে নিশা সকলোকে ভাল খবৰটো তেওঁ প্ৰদান কৰে ৷
২০২২ চনৰ মে’ মাহত স্বামী এছেপ ৰকিৰ সৈতে প্ৰথম সন্তান জন্ম দিছিল গায়িকাগৰাকীয়ে। ৩৪ বছৰ বয়সত পুনৰ মাতৃ হ’বলৈ গৈ আছে ৰিহানা। হাফ টাইম অনুষ্ঠানলৈও আহিছিল ৰকি। সংবাদ মাধ্যমৰ আগত ৰিহানাই কয়, ‘মাতৃ হোৱাটো এটা ৰোমাঞ্চকৰ অনুভৱ। দ্বিতীয় বাৰৰ বাবে মাতৃ হোৱাৰ বাবে ইয়াতকৈ সুখ কি হ’ব পাৰে!”
দেওবাৰে ছুপাৰ বোলত অনুষ্ঠান পৰিৱেশন কৰাৰ সময়তো তাৰকাগৰাকীয়ে দৰ্শকৰ হৃদয় জয় কৰিছিল। “ছাতি” “বেটাৰ হেভ মাই মানি”ৰ পৰা “ৰাণ দিজ টাউন”লৈকে এটাৰ পাছত আন এটা জনপ্ৰিয় গীত গাইছিল ৰিহানাই ৷