ফুলৰ ৰাণী সৌন্দৰ্যৰ প্ৰতীক গোলাপ ফুল সৌন্দৰ্য চৰ্চাত ব্যৱহৃত হোৱাৰ কথা আমি সকলোৱে জাঁনো। আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি গোলাপ ফুল খালে চুলি আৰু ছালৰ সৌন্দৰ্য অটুট থকাৰ উপৰিও শৰীৰ সুস্থহৈ থাকে। ইয়াৰ উপৰিও গোলাপফুল খোৱাৰ উপকাৰীতাৰ বিষয়ে জাঁনো আহক—
১) পেট ঠাণ্ডা ৰখাত সহায় কৰে :-
বসন্ত ঋতু অহা মানেই গৰম দিন অহাৰ বতৰা। এনে সময়ত যি সকলে কৰ্মৰ বাবে বাহিৰত ঘূৰি-ফুৰিব লগীয়া হয় তেওঁলোকৰ শৰীৰত অতিৰিক্ত চাপ উৎপন্ন হয়। গাখীৰৰ লগত গোলাপ ফুলৰ শুকান গুৰি মিহলাই খালে ক্লান্তি , অলসতা , পেটৰ বিষ , মূৰৰ বিষ , দূৰ্বলতা আদি সমস্যা নোহোৱা হোৱাৰ লগতে শৰীৰও ঠাণ্ডা হৈ থকাত সহায় কৰে।
২) ঋতুস্ৰাৱৰ সমস্যাত সহায় কৰে :-
ঋতুস্ৰাৱৰ সময়ত গোলাপে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। গোলাপত ৯৫% পানী থকাৰ কাৰণে কেলৰী কম আৰু গোলাপৰ পাপৰিত প্ৰচুৰ পৰিমাণে ভিটামিন চি’ থকাৰ বাবে পিৰিয়ডৰ সমস্যাত সহায়ক হয়। চীনত এসময়ত নাৰীৰ বদহজমৰ সমস্যা দূৰ কৰিবৰ বাবেও গোলাপৰ পাপৰি খুওৱা হৈছিল।
৩) মানসিক চাপ হ্ৰাস কৰে :-
গোলপ ফুল খোৱাৰ উপকাৰীতাৰ লগতে গোলাপৰ সুগন্ধিয়েই মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে। সেয়ে গোলাপৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে পান কৰক গোলাপৰ সুগন্ধি। মানসিক চিন্তাৰ পৰা আঁতৰাই ৰাখিবলৈ নিজৰ বাবে ঘৰত ৰোপন কৰক এজুপি গোলাপ।