শীতকাল প্ৰায় শেষ হোৱাৰ দিশে গতি কৰিছে ৷ গৰমৰ লগে লগে বিদ্যুতৰ বিল অধিক হোৱা দেখা যায় ৷ মাহৰ শেষত বিলখনলৈ চাই এনে লাগে যেন বেছিভাগ সময়তে ঘৰত নাথাকো, কিন্তু বিল ইমান বেছি কেনেকৈ হয়? কেৱল সময়মতে লাইট আৰু ফেন বন্ধ কৰাৰ ওপৰত নিৰ্ভৰ নকৰে বিল। প্ৰতিদিনে কিছুমান ভুলৰ বাবে বিল বাঢ়ি যায়। কোনটো কৌশলে প্ৰতিটো মাহৰ বিদ্যুৎ খৰচ সহজেই কমাব পাৰিব ?
১) মোবাইলৰ চাৰ্জাৰ খুলি চুইচ বন্ধ কৰাৰ অভ্যাস বহুতৰে নাথাকে। এই ভুলৰ ফলত বিদ্যুতৰ বিল বৃদ্ধি পায়। আনকি এচিৰ ক্ষেত্ৰতো ৰিম’টৰ সহায়ত বন্ধ কৰাৰ পিছত চুইচটো বহুবাৰ বন্ধ নকৰো। ইয়াৰ বাবে অতিৰিক্ত ইউনিটৰ বিল আদায় দিব লগীয়া হয় ৷ পোহৰৰ বাবে চিএফএল বা এলইডি ব্যৱহাৰ কৰক। যিহেতু এই সকলোবোৰ লাইটে ফিলামেণ্টৰ তুলনাত চাৰ্কিট ব্যৱহাৰ কৰে, সেয়েহে বিদ্যুতৰ ব্যৱহাৰ কমি যায়। যিকোনো বৈদ্যুতিক সঁজুলি কিনাৰ সময়ত ষ্টাৰ ৰেটিঙক বিশ্বাস কৰক। ডিভাইচ এটাৰ ষ্টাৰ ৰেটিং যিমানেই বেছি হ’ব, ইউনিট সংৰক্ষণ কৰাৰ ক্ষমতা সিমানেই বেছি হ’ব।
২) পুৰণি তাঁৰ, পুৰণি সঁজুলিয়ে অধিক ইউনিট খৰচ কৰে আৰু বিল বৃদ্ধি কৰে। গতিকে ১০-১৫ বছৰ পুৰণি ডিভাইচ বা তাঁৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আধুনিক আৰু কম ইউনিট খৰচী ডিভাইচ আৰু তাঁৰ কিনিব।
৩) এ চিৰ উষ্ণতা ২৪ ডিগ্ৰীৰ তললৈ নমাই নিদিব। ইয়াৰ ফলত অধিক ইউনিটৰ বিল আদায় দিব লাগিব ৷ ইনভাৰ্টাৰ এচি কিনাটোৱেই উত্তম, যদি নাই তেন্তে শক্তি সঞ্চয়ৰ অপচন অন কৰি ৰাখক।
৪) ফ্ৰীজতো কিছুমান নিয়ম মানি চলিব লাগে। দিনটোত এঘণ্টা ফ্ৰীজ বন্ধ কৰক। মেচিনবোৰো জিৰণি ল’ব, বিদ্যুতৰো ৰাহি হ’ব৷ ফ্ৰীজৰ ভিতৰত ঠাণ্ডা হোৱাৰ বাবে এই এঘণ্টাত খাদ্য নষ্ট হোৱাৰ ভয় নাই।
৫) নিয়মিতভাৱে সকলো মেচিন সময়মতে চাৰ্ভিচ কৰক। ই ডিভাইচটো ভালদৰে ৰাখে আৰু কম শক্তি আহৰণ কৰে। বহুতে অলপ টকা ৰাহি কৰিবলৈ চাৰ্ভিচিং নকৰে। কিন্তু পিছলৈ খৰচ বহুত বেছি হয়।