দীঘলীয়া বিৰতিৰ অন্তত দিল্লীত অনুষ্ঠিত হ’ব টেষ্ট মেচ। ইয়াক লৈ উত্তেজিত হৈ পৰিছে বিৰাট কোহলী। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত খেলিবলৈ নামি অহাৰ পূৰ্বে উত্তেজিত হৈ পৰিছে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকী। ঘৰৰ পৰা নিজেই গাড়ী চলাই অনুশীলন কৰিবলৈ আহিছিল কোহলি । ক্ৰিকেটাৰ গৰাকীয়ে সেই ছবি ইতিমধ্যে পোষ্ট কৰিছে ছছিয়েল মিডিয়াত ৷
কোহলীয়ে শেষবাৰৰ বাবে ২০১৯ চনৰ মাৰ্চ মাহত কোটলাত খেলিছিল। সেয়া আছিল এদিনীয়া মেচ। পিছৰ মাহত তেওঁ দিল্লীৰ বিৰুদ্ধে আই পি এলত আৰ চি বিৰ হৈ খেলিছিল। দিল্লী তেওঁৰ ঘৰুৱা খেলপথাৰ। এই ক্ষেত্ৰত তেওঁৰ শৈশৱৰ বহু স্মৃতি আছে। ৰঞ্জীৰ বাহিৰেও বিভিন্ন বয়সৰ স্তৰত ঘৰুৱা ক্ৰিকেটত বহু মেচ খেলিছিল। ১৭ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্টত সকলোৰে দৃষ্টি তেওঁৰ ওপৰত থাকিব।
কোহলীয়ে পোষ্ট কৰা ছবিখনত তেওঁক প্ৰেকটিছ জাৰ্চি পিন্ধা দেখা গৈছে। তেওঁ লগতে লিখিছে, “বহুদিনৰ বিৰতিত দিল্লীত ষ্টেডিয়ামলৈ গাড়ী চলাই যাত্ৰা। বৰ নষ্টালজিক অনুভৱ হৈছে।” কোহলীৰ ঘৰ মুম্বাইত। কিন্তু দিল্লীতো তেওঁৰ ঘৰ আছে, য’ত মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকল থাকে। সেই ঘৰৰ পৰাই কোহলি অনুশীলন কৰিবলৈ আহিছে।
ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে প্ৰথমবাৰৰ বাবে নিজৰ নামেৰে নামাকৰণ কৰা পেভিলিয়নৰ সন্মুখত খেলিবলৈ ওলাইছে। আগন্তুক টেষ্টত সেই গেলেৰীত বহিব অষ্ট্ৰেলিয়াৰ অনুৰাগী। অৰুণ জেটলী ষ্টেডিয়ামত এই পৰ্যন্ত সকলো ফৰ্মেটতে ১১খন খেল খেলিছে কোহলীয়ে। ৭১৫ ৰান তেওঁ সংগ্ৰহ কৰে। ২০১৭ চনৰ ডিচেম্বৰ মাহত এই খেলপথাৰত শেষবাৰৰ বাবে টেষ্ট খেলিছিল। শ্ৰীলংকাৰ বিৰুদ্ধে সেই খেলখনত তেওঁ ২৪৩ ৰান সংগ্ৰহ কৰিছিল। এই খেলপথাৰত ৩ খন টেষ্টত ৪৬৭ ৰান সংগ্ৰহ কৰিছে কোহলিয়ে । দীৰ্ঘদিন ধৰি টেষ্টত শতক অৰ্জন কৰিব পৰা নাই কোহলিয়ে ।