ৰাষ্ট্ৰীয় নিৰ্বাচক পদৰ পৰা পদত্যাগ কৰিছে চেতন শৰ্মাই। সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি তেওঁ পদত্যাগ পত্ৰ বিচিচিআাইৰ সম্পাদক জয় শ্বাহলৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে ব’ৰ্ডে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰে বুলি ইংগিত পোৱা গৈছিল। তাৰ আগতেই চেতনে পদত্যাগ কৰে । কিছুদিন পূৰ্বে এটা টিভি চেনেলৰ ‘ষ্টিং অপাৰেচন’ৰ লগত জড়িত হৈ পৰিছিল চেতনৰ নাম। তাত তেওঁ সৌৰভ গাংগুলী আৰু বিৰাট কোহলীৰ মাজত হোৱা ‘ইগো’ যুদ্ধৰ তথ্য পোহৰলৈ আনিছিল ৷ যশপ্ৰীত বুমৰাহৰ বিষনাশক বেজী লৈ বলপূৰ্বক ভাৱে খেলত অংশগ্ৰহণ কৰা আদিকে ধৰি ভাৰতীয় ক্ৰিকেট দলৰ বহু ঘটনা পোহৰলৈ আনিছিল ৷ ইয়াৰ ফলত সৃষ্তি হোৱা চাপৰ বাবেই তেওঁ পদত্যাগ কৰা বুলি অনুমান কৰা হৈছে।
বিগত বৰ্ষৰ টি-২০ বিশ্বকাপত ভাৰতৰ ব্যৰ্থতাৰ পিছত ব’ৰ্ডে চেতনকে ধৰি সমগ্ৰ বাছনি সমিতিখনক অপসাৰণ কৰে। ব’ৰ্ডৰ ৱেবছাইটত নিৰ্বাচকসকলৰ বাবে এটা বিজ্ঞাপন দিয়া হৈছিল। চেতনেও ইয়াৰ বাবে আবেদন কৰিছিল। আশ্চৰ্যজনকভাৱে তেওঁক পুনৰ বাছনি সমিতিৰ অধ্যক্ষৰ দায়িত্ব দিয়া হয় । ব’ৰ্ডৰ এই পদক্ষেপে বহুতকে আচৰিত কৰি তুলিছিল। নতুন মুখ্য নিৰ্বাচনী বিষয়া হোৱাৰ কেইমাহমানৰ ভিতৰতে চেতনৰ পদটোক লৈ বিতৰ্কৰ সৃষ্টি হয় ৷
১৪ ফেব্ৰুৱাৰীত চেতনে ষ্টিং কেমেৰাত কথা কৈ থকা ভিডিঅ’টো প্ৰথমবাৰৰ বাবে পোহৰলৈ আহে। ষ্টিং অপাৰেচনৰ ভিডিঅ’ত মুখ্য নিৰ্বাচক চেতনে কোৱা শুনা যায়, ‘সৌৰভ আৰু বিৰাটৰ মাজত ইগো যুদ্ধ হৈছিল। সৌৰভে এসময়ত ভাৰতীয় দলটোক নেতৃত্ব দিছিল। সেই সময়ত বিৰাট আছিল নেতা। কোন ডাঙৰ তাক লৈ কাজিয়া হৈছিল।”
ইয়াৰ বাহিৰেও চেতনে ষ্টিং কেমেৰাত দাবী কৰিছিল যে বুমৰাহে টি-২০ বিশ্বকাপৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ ছিৰিজত খেলিছিল যদিও আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাছিল। যাৰ বাবে বুমৰাহে বিষনাশক বেজী লৈছিল ৷ সামান্য আঘাতৰ বাবে খেলুৱৈয়ে প্ৰায়ে এনে বেজী লয়। খেলি থাকোঁতে বুমৰাহে লোৱা এই বজীৰ পৰিণাম এতিয়াও ভুগি আছে ৷