বালাছাহেব থাকৰেৰ পুত্ৰ তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে নিৰ্বাচন আয়োগৰ নিৰ্দেশত শিৱসেনাৰ নাম আৰু প্ৰতীক হেৰুৱাই পেলাইছে ৷ অৱশ্যে জাতীয়তাবাদী কংগ্ৰেছ দলৰ মুৰব্বী শাৰদ পাৱাৰে নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰি এই নিৰ্দেশৰ বাবে অনুশোচনা কৰাৰ পৰিৱৰ্তে দলৰ নতুন প্ৰতীকটোৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে ৷
উদ্ধৱ থাকৰেই দলৰ নাম আৰু প্ৰতীক হেৰুৱালেও ইয়াৰ বিশেষ প্ৰভাৱ নপৰে বুলি দাবী কৰে এনচিপিৰ মুৰব্বীগৰাকীয়ে। নতুন প্ৰতীকটো ৰাইজে গ্ৰহণ কৰিব বুলিও দাবী কৰে। এন চি পিৰ মুৰব্বীগৰাকীৰ পৰামৰ্শ আৰু নিৰ্বাচন আয়োগৰ সিদ্ধান্ত অনুসৰণ কৰি উদ্ধৱে নতুন প্ৰতীক গ্ৰহণ কৰক।
তেওঁ কয়, ‘এয়া নির্বাচন আয়োগৰ সিদ্ধান্ত৷ এবাৰ সিদ্ধান্ত লোৱাৰ পিছত আৰু আলোচনা হ’ব নোৱাৰে। এইটো গ্ৰহণ কৰক আৰু এটা নতুন চিহ্ন বাছক। ইয়াৰ (দলৰ নাম আৰু চিহ্ন হেৰুৱালে) কোনো ডাঙৰ প্ৰভাৱ নপৰে। কাৰণ নতুন প্ৰতীকটো ৰাইজে গ্ৰহণ কৰিব। আগন্তুক কেইদিনমানৰ ভিতৰত কেৱল এই ঘটনাৰ চৰ্চা হ’ব। ইয়াৰ পিছত সকলোৱে পাহৰি যাব।নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দলটোৰ নাম ‘শিৱসেনা’ আৰু দলৰ প্ৰতীক ‘তিৰ-ধনু’ এতিয়া একনাথ ছিণ্ডেৰ ‘সম্পত্তি’। আৰু সেই আদেশ অহাৰ পিছত পাৱাৰে এই মন্তব্য কৰে ৷
১৯৭৮ চনত কংগ্ৰেছৰ ভিতৰত বিভাজন ঘটিছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়েও লোকসভাত ১৫৩জন সাংসদৰ ভিতৰত ৭৬জন সাংসদৰ সমৰ্থন হেৰুৱাই দলীয় প্ৰতীক হেৰুৱাই পেলায়। তাৰ পিছত ইন্দিৰাই এটা নতুন প্ৰতীক বাছি লৈছিল। সেই বিষয়টোও পাৱাৰে কথা প্ৰসংগত উল্লেখ কৰে ৷
পাৱাৰে কয়, “মোৰ মনত আছে ইন্দিৰা গান্ধীও একে পৰিস্থিতিৰ সন্মুখীন হৈছিল। কংগ্ৰেছৰ প্ৰতীক আছিল ‘হাল লৈ থকা দুটা গৰু’। পিছলৈ তেওঁলোকে সেই প্ৰতীক হেৰুৱাই পেলোৱাৰ পিছত ইন্দিৰা নেতৃত্বাধীন কংগ্ৰেছৰ নতুন প্ৰতীক হিচাপে ‘হাত’ বাছি লোৱা হ’ল। সাধাৰণ মানুহে ভালদৰে মানি লৈছিল। একেদৰে এই ক্ষেত্ৰতো মহাৰাষ্ট্ৰৰ জনসাধাৰণে উদ্ধৱৰ প্ৰতীক গ্ৰহণ কৰিব।”
পাৱাৰৰ পৰামৰ্শৰ পিছতো নিৰ্বাচন আয়োগৰ সিদ্ধান্তত উদ্ধৱ সুখী নহয় বুলি স্পষ্ট হৈ পৰিছে । শুকুৰবাৰে নিশাই আয়োগে কয় যে উদ্ধৱৰ নেতৃত্বত শিৱসেনাই আৰু নিজকে শিৱসেনা বুলি পৰিচয় দিব নোৱাৰিব। দলৰ প্ৰতীকো ব্যৱহাৰ কৰিব নোৱাৰে। নিৰ্বাচন আয়োগৰ এই নিৰ্দেশৰ পিছত উদ্ধৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ দেশত একনায়কত্ববাদ ঘোষণা কৰক। কাৰণ দেশত গণতন্ত্ৰৰ এটা কণাও বাকী নাই।” উদ্ধৱে লগতে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে আয়োগৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ যাব।