লোকসভাৰ মজিয়াত আৰু দেখা নাপাব কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীক ৷ এইবাৰ ৰাজ্যসভা নির্বাচনৰ প্ৰার্থী হ’ব ছোনিয়া গান্ধী ৷ প্ৰাপ্ত তথ্য অনুসৰি কাইলৈ ছোনিয়া গান্ধীয়ে মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে ৷ তেওঁৰ লোকসভাৰ আসন কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ হাতত অৰ্পণ কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰা হৈছে ৷ ২৭ ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে।
এনডিটিভিৰ মতে, ৰাজস্থানৰ এখন আসনৰ পৰা ছোনিয়া গান্ধীক মনোনীত হোৱাৰ সম্ভাৱনা আছে, আৰু কংগ্ৰেছৰ দূর্গস্বৰূপ ৰায়েবাৰেলীৰ কন্যাক অর্পণ কৰিব ৷ যদিহে ছোনিয়া গান্ধীয়ে ৰাজ্যসভাৰ আসনত মনোনয়ন দাখিল কৰে তেন্তে লোকসভাৰ পাঁচটা কাৰ্যকালৰ সাংসদ ৭৭ বছৰীয়া নেতাগৰাকীয়ে উচ্চ সদনত প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিব। যদি প্ৰিয়ংকা গান্ধীয়ে ৰায়বৰেলীৰ হৈ লোকসভাৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে এয়া হ’ব তেওঁৰ প্ৰথম নিৰ্বাচন।
২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ছোনিয়া গান্ধীয়ে উল্লেখ কৰিছিল যে এইটোৱেই তেওঁৰ বাবে শেষসাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা ৷ কংগ্ৰেছে এতিয়াও ১৫খন ৰাজ্যৰ ৫৬খন আসনৰ বাবে কোনো প্ৰাৰ্থী ঘোষণা কৰা নাই। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৫ ফেব্ৰুৱাৰী আৰু ২৭ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব।