নগদবিহীন লেনদেনত বিশ্বৰ আগশাৰীৰ দেশ হোৱাৰ পথত ভাৰত। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে অষ্ট্ৰেলিয়াত এক আলোচনা বৈঠকত এই দাবী উত্থাপন কৰে। ৰাইচিনা-চিডনী বিজনেছ ব্ৰেকফাষ্টত তেওঁ মন্তব্য কৰে যে যদি আপুনি আমাৰ নগদবিহীন লেনদেনৰ নিৰ্দিষ্ট ইউপিআই (ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ) আইডি চায়, তেন্তে মই ভাবো যে আমি বিশ্বৰ ভিতৰতে সৰ্বাধিক নগদবিহীন লেনদেনৰ ৰেকৰ্ড কৰিবলৈ ওলাইছো।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ কাৰ্যকালত নগদবিহীন লেনদেনত আমূল পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰি জয়শংকৰে কয়, ‘প্ৰযুক্তিৰ প্ৰভাৱত মানুহৰ মানসিকতা সলনি কৰিছে ৷ সেয়েহে ক্ৰমান্বয়ে নগদবিহীন লেনদেন বৃদ্ধি পাইছে।” ডিজিটেল লেনদেনৰ ক্ষেত্ৰত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থাক কেন্দ্ৰই বিশেষ গুৰুত্ব দিয়া বুলিও তেওঁ কয়। জয়শংকৰৰ ভাষাত “আমি মানুহক নগদবিহীন হ’বলৈ ধাৰাবাহিকভাৱে উৎসাহিত কৰোঁ।”
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০১৬ চনৰ ৮ নৱেম্বৰত ভাৰতীয় বিত্তীয় ব্যৱস্থাত আমূল পৰিৱৰ্তন ঘটিছিল। তেতিয়াৰ পৰাই ডিজিটেল লেনদেন বৃদ্ধি পাইছে। এটা বেংক একাউণ্টৰ পৰা আন এটা বেংক একাউণ্টলৈ ধন স্থানান্তৰ কিউ আৰ ক’ড স্কেন কৰি বা নিৰ্দিষ্ট ইউপিআই আইডিৰ জৰিয়তে আৰম্ভ কৰা হয়। গুগলপে, ফোনপে, পেটিএম আদি ইউপিআই এপৰ ব্যৱহাৰো তেতিয়াৰ পৰা বৃদ্ধি পাইছে।