ভাৰতীয় দলৰ উপ-অধিনায়ক পদৰ পৰা আঁতৰাই দিয়া হৈছে কে এল ৰাহুলক। এদিনীয়া দলটোৰ নতুন উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে হাৰ্দিক পাণ্ডিয়াক। কিন্তু টেষ্ট দলত কোনো উপ অধিনায়কৰ নাম উল্লেখ কৰা হোৱা নাই। অধিনায়ক ৰোহিত শৰ্মা যদি কোনো কাৰণত খেলপথাৰৰ বাহিৰত থাকে তেন্তে দলটোক কোনে নেতৃত্ব দিব? সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা কাৰ থাকিব? ইয়াক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে ৷
বিচিচিআইৰ এগৰাকী বিষয়াই এই সন্দর্ভত কয় যে সকলো দায়িত্ব ৰোহিতৰ হাতত এৰি দিয়া হৈছে। তেওঁ কয়- “কোনো উপ অধিনায়কৰ নাম ঘোষণা কৰা হোৱা নাই। বৰঞ্চ সকলো ক্ষমতা ৰোহিতক দিয়া হৈছে। যদি কোনো সময়ত ৰোহিতে খেলপথাৰ এৰিব লগা হয়, তেন্তে সেই সময়ত দলটোক কোনে নেতৃত্ব দিব সেইটো ৰোহিতে সিদ্ধান্ত ল’ব।“ ইয়াৰ পৰা স্পষ্ট হয় যে ৰোহিতে নেতৃত্ব এৰি প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ হাতত এৰি খেলপথাৰ এৰিব পাৰে।
২০২২ চনত দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত ৰাহুলক প্ৰথমবাৰৰ বাবে ভাৰতৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল। সেই ভ্ৰমণত তেওঁ এটা ছিৰিজৰ অধিনায়ক হিচাপেও দায়িত্ব পালন কৰিছিল ৷ পিছত বাংলাদেশৰ বিৰুদ্ধে দুখন টেষ্ট খেলত ৰাহুলে দলটোৰ অধিনায়ক হিচাপে পৰিগণিত হয়। কিন্তু ধাৰাৱাহিকভাৱে ৰাহুলে প্ৰদর্শনত ব্যর্থ হৈ আহিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বিচিচিআইয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যোৱা দুখন টেষ্টৰ কোনো উপ অধিনায়ক ঘোষণা কৰা নাছিল। বাংলাদেশত ৰাহুলৰ সলন উপ অধিনায়কৰৰ দায়িত্ব চম্ভালিছিল চেতেশ্বৰ পূজাৰাই। কিন্তু তেওঁক ৰোহিতৰ সলনি উপ অধিনায়ক কৰা নহ’ল। সেই সন্দৰ্ভত ক্ৰিকেট ব’ৰ্ডে এতিয়ালৈকে কোনো কথা স্পষ্ট কৰা নাই।
২০২২ চনত দক্ষিণ আফ্ৰিকাৰ শৃংখলাৰ পিছত মুঠ ৭খন টেষ্ট খেলিছে ৰাহুলে। য’ত তেওঁ মাত্ৰ ১৭৫ ৰানহে সংগ্ৰহ কৰে। জোহান্সবাৰ্গত ৫০ ৰানৰ ইনিংছৰ বাহিৰে তেওঁৰ কোনো ডাঙৰ ৰান নাসাফল্য লাভ কৰা নাই । এদিনীয়া ছিৰিজত হাৰ্দিকক ৰোহিতৰ উপ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। যিহেতু ৰোহিত অনুপস্থিত, সেয়েহে তেওঁ প্ৰথমখন এদিনীয়া মেচত অধিনায়কত্ব কৰিব। এদিনীয়া দলত স্থান লাভ নকৰিলে ৰাহুলে ৷
অৱশ্যে দলত থাকিলেও ৰাহুলে ইন্দোৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম এঘাৰত অন্তভুর্ক্ত নোহোৱাৰ সম্ভাৱনা আছে। কাৰণ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত ৰাহুলে মাত্ৰ ৩৮ ৰানহে কৰিছিল। ইয়াৰ বাহিৰেও দলত বহি আছে শুভমন গিল। শেহতীয়াকৈ তেওঁৰ ফৰ্ম অতি ভাল। গতিকে হোলকাৰ ষ্টেডিয়ামত ৰোহিতৰ সৈতে অ’পেন কৰিবলৈ শুভমন নামি অহাটো কোনো আচৰিত কথা নহয়। ব’ৰ্ডৰ এই সিদ্ধান্তই তাৰ ইংগিত দিয়ে।