জ্যেষ্ঠ ভগ্নী ছাৰা আলী খানৰ পথতে ভৰি দিবলৈ ওলাইছে বলিউডৰ জনপ্ৰিয় অভিনেতা ছৈফ আলী খানৰ পুত্ৰ ইব্ৰাহিমে । ইব্ৰাহিম আলী খানৰ জীৱনৰ নতুন অধ্যায় আৰম্ভ হ’বলৈ মাত্ৰ কেইদিনমান বাকী। বলীউডত ভৰি দিবলৈ ওলাইছে ছৈফ পুত্ৰই। কুল্লু-মানালীত এই সপ্তাহৰ পাছতে আৰম্ভ হ’ব ছবিখনৰ শ্বুটিং ৷ সোমবাৰে মুম্বাইৰ পৰা আউটড’ৰলৈ ৰাওনা হৈছে ইব্ৰাহিম।
কৰণ জোহৰে ইব্ৰাহিমক বলীউডত প্ৰথম সুযোগ দিছে। ধৰ্ম প্ৰডাকচনৰ ছবিখনত অভিনয় কৰিব ইব্ৰাহিমে। বোমান ইৰাণীৰ পুত্ৰ কায়োজ ইৰাণীয়ে পৰিচালনা কৰিছে ছবিখনৰ। ইতিমধ্যে তেওঁ সেই স্থানত উপস্থিত হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, সেনাৰ প্ৰেক্ষাপটত ছবিখন নিৰ্মাণ কৰা হ’ব। দৰ্শকে ছবিখনত ছৈফ পুত্ৰক জোৱান হিচাপে দেখা পাব। বিগত ছমাহ ধৰি ইব্ৰাহিমে এই চৰিত্ৰটোৰ বাবে প্ৰস্তুতি চলাই আহিছে।
ইব্ৰাহিমে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’ ছবিখনত কৰণৰ সহায়ক হিচাপে কাম কৰিছিল। ছবিত অভিনয়ক লৈ ইব্ৰাহিম অত্যাধিক সচেতন বুলি বলিউডত চর্চা চলিছে ৷ যাৰ বাবে তেওঁ প্ৰথমখন ছবিত সফল হ’ব বুলিও বহুতে প্ৰকাশ কৰিছে । চৈফ নিজেও বিষয়টোক লৈ উৎফুল্লিত। ছাৰাৰ লগত ইব্ৰাহিমৰ সম্পৰ্ক বহুত ভাল। প্ৰথমখন ছবিত ছাৰাই কামৰ আগতে প্ৰতিটো মুহূৰ্ততে ভায়েকক সহায় কৰি আছে।