শ্বাহৰুখ খান, অক্ষয় কুমাৰৰ পৰা আৰম্ভ কৰি দীপিকা পাডুকন, কেটৰিনা বর্তমান সময়ৰ বলিউডৰ আটাইতকৈ গ্লেমাৰাছ তাৰকা ৷ তেওঁলোকৰ পাৰিশ্ৰমিক আকাশলংঘী। কিন্তু জানেনে, যদি আপুনি সেই প্ৰিয় তাৰকাসকলক আপোনাৰ ঘৰৰ পাৰ্টিলৈ মাতিব বিচাৰে, তেন্তে তেওঁলোকে কিমান পাৰিশ্ৰমিক ল’ব ? শ্বাহৰুখ, অক্ষয়, দীপিকা, কেটৰিনা — সকলোৱে ‘ব্যক্তিগত পাৰ্টি’ত অনুষ্ঠান পৰিৱেশন কৰে। কিন্তু তাৰ বাবে বহু আগতীয়াকৈ যোগাযোগ কৰিব লাগিব। এই তাৰকাসকলে কিমান পইচা ল’ব আপুনি জানেনে ?
কেটৰিনা কাইফ
তেওঁৰ ‘শ্বীলা কি জৱানী’, ‘চিকনি চামেলি’কে ধৰি কেইবাটাও হিট গীত আছে। তেওঁ হৈছে কেটৰিনা কাইফ। ১২ বছৰতকৈও অধিক সময় তেওঁ উদ্যোগটোত জনপ্ৰিয়তাৰ শীর্ষত আছে ৷ বিভিন্ন বিয়া হওক বা জন্মদিনৰ পাৰ্টি হওক, বহু ঠাইত তেওঁ অনুষ্ঠান পৰিৱেশন কৰে। জনা যায় যে ঘৰুৱা অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিবলৈ কেটৰিনাই লয় তিনি কোটি ৫০ লাখ টকা ৷
শ্বাহৰুখ খান
দূৰ-দূৰণিৰ পৰা শ্বাহৰুখ খানক চাবলৈ অনুৰাগীয়ে ‘মন্নত’ৰ সন্মুখত ভিৰ কৰে । তেওঁ বহু বছৰ বলিউডত জনপ্ৰিয়তা লাভ কৰি আহিছে ৷ যদি তেওঁক ঘৰুৱা পাৰ্টিলৈ নিমন্ত্ৰণ কৰিব পৰা যায়, তেন্তে ইয়াতকৈ আনন্দৰ কথা কি হ’ব পাৰে? জীৱনৰ বিশেষ দিনটোত যদি শ্বাহৰুখ খানক অতিথি হিচাপে বিচাৰে তেন্তে যথেষ্ট খৰচ কৰিব লাগিব। যিকোনো ‘প্ৰাইভেট পাৰ্টি’ৰ অনুষ্ঠানৰ বাবে শ্বাহৰুখৰ পাৰিতোষিক ৩ কোটি টকা। কিন্তু পাঠানৰ সফলতাৰ পিছত পাৰিশ্ৰমিকৰ পৰিমাণ একেই থাকিব নে নাই সেয়া কোৱা সম্ভৱ নহয়।
দীপিকা পাডুকন
দীপিকা পাডুকন অন্যতম আগশাৰীৰ অভিনেত্ৰী। তেওঁ বহু বিজ্ঞাপনৰ মুখ। গতিকে, নায়িকাক ব্যক্তিগত অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিবলৈ হ’লে ব্যয় যথেষ্ট খৰচ কৰিব লাগিব এনে অনুষ্ঠানলৈ যোৱাৰ বাবে দীপিকাৰ পাৰিতোষিক এক কোটি টকা।
অক্ষয় কুমাৰ
বলিউডততেওঁৰ পৰিচয় ‘খিলাড়ি কুমাৰ’। বক্স অফিচত একেৰাহে ১৪খন ছবি সফল নহ’লেও তেওঁৰ প্ৰাৰম্ভিক জীৱনত সৰ্বাধিক পাৰিশ্ৰমিক পোৱা নায়কসকলৰ ভিতৰত অন্যতম। যিকোনো ব্যক্তিগত অনুষ্ঠানত অভিনয়ৰ বাবে অক্ষয়ৰ পাৰিতোষিক প্ৰায় ডেৰ-দুই কোটি টকা।
ৰণবীৰ সিং
ৰণবীৰ সিঙে অভিনয় কৰা প্ৰতিখন ছবিয়ে যোৱা কেইবছৰমানৰ পৰা হিট হৈছে ৷ তেওঁৰ ভক্তৰ সংখ্যাও অগণন। ব্যক্তিগত অনুষ্ঠানত প্ৰদৰ্শনৰ বাবে ৰণবীৰে কিমান টকা লয় জানেনে? এক কোটি টকা লাভ কৰিলে ৰণবীৰে আপোনাৰ ঘৰুৱা অনুষ্ঠানত পৰিৱেশন কৰিব ।