মুক্তিৰ দিনটোৰ পৰাই সমাদৃত হৈছে পাঠান ৷ চাৰি বছৰৰ মূৰত শ্বাহৰুখ খানৰ প্ৰত্যাৱৰ্তন বা দীপিকা পাডুকনৰ আকৰ্ষণ — কাৰণ যিয়েই নহওক কিয়, সিদ্ধাৰ্থ আনন্দ পৰিচালিত ছবিখনে নিজৰ যোগ্যতাৰ ওপৰত দৰ্শকৰ হৃদয় জয় কৰিছে। বক্স অফিচত সফলতা লাভ কৰা ছবিখনে ১০০০ কোটি উপার্জন কৰিবলৈ সক্ষম হৈছে ৷ বক্স অফিচত ১০০০ কোটি টকা স্পৰ্শ কৰা ভাৰতীয় ছবি হিচাপে এতিয়া ‘পাঠান’ ৫ নম্বৰ স্থানত আছে।
বক্স অফিচৰ প্ৰতিবেদন অনুসৰি মুক্তিৰ ২৭ দিনত এই ছবিখনৰ বিশ্বব্যাপী ৰাজহ ১০০০ কোটি টকা উপার্জন কৰে । আনহাতে, ছবিখনৰ হিন্দী সংস্কৰণে ইতিমধ্যে ৫১৯ কোটিৰ সীমা অতিক্ৰম কৰিছে।
১০০০ কোটি উপার্জন কৰা ছবিৰ তালিকাত আছে পাঁচখন ছবি। আৰম্ভণিতে আছে ‘দংগল’, যাৰ সংগ্ৰহ আছিল ১৯১৪ কোটি। ইয়াৰ পিছত ‘বাহুবলী ২’, যিয়ে উপার্জন কৰিছে ১৭৪৭ কোটি টকা । ইয়াৰ পিছতে বক্স অফিচত ১১৮৮ কোটি টকা উপাৰ্জন কৰা ছবিখন হ’ল ‘কে জি এফ ২’ । তালিকাৰ চতুৰ্থ স্থানত ‘বজৰংগী ভাইজান’। এই ছবিখনৰ উপার্জন আছিল ১১৭৪ কোটি টকা। মঙলবাৰে শ্বাহৰুখে নিজেই টুইট কৰি এই ভাল খবৰটো প্ৰকাশ কৰে।