১৭ মাৰ্চত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত ভাগ ল’ব ভাৰতে। প্ৰায় এমাহ আগতেই ইয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে। সীমিত অভাৰৰ দলত অন্তর্ভুক্ত ক্ৰেইকেটাৰসকলক বেংগালুৰুৰ বিশেষ শিবিৰত অংশগ্ৰহণ কৰিবলৈ বিচিচিআইয়ে নিৰ্দেশ দিয়ে। ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী (এনচিএ)ত যোগদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে হাৰ্দিক পাণ্ডিয়াৰ দৰে ক্ৰিকেটাৰক। শৃংখলাৰ পূৰ্বে বা পিছত আঘাতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ এই পদক্ষেপ লোৱা বুলি ধাৰণা কৰা হৈছে।
ব’ৰ্ডৰ সূত্ৰ অনুসৰি, এদিনীয়া শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে ক্ৰিকেটাৰসকলৰ ফিটনেছ পৰীক্ষা কৰা হ’ব। সেই উদ্দেশ্যে এক বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। এদিনীয়া দলৰ অংশ হ’লেও ৰোহিত শৰ্মা, বিৰাট কোহলীৰ দৰে টেষ্ট ক্ৰিকেটাৰক আপাততঃ বিৰতি দিয়া হৈছে। ১ মাৰ্চৰ পৰা ইন্দোৰত আৰম্ভ হ’ব তৃতীয়খন টেষ্ট। কিন্তু যিসকল মাত্ৰ এদিনীয়া দলত আছে, তেওঁলোকে এনচিএলৈ গৈ নিয়মীয়াকৈ ফিটনেছ টেষ্ট দিব লাগিব।
ব’ৰ্ডৰ এক সূত্ৰই কয়, “উমৰাণ মালিক আৰু যুজবেন্দ্ৰ চাহালে ইতিমধ্যে বেংগালুৰুলৈ গৈ এই অনুশীলন আৰম্ভ কৰিছে। ফিটনেছ প্ৰগ্ৰেমৰ উপৰিও তেওঁলোকে এনচিএৰ প্ৰশিক্ষকৰ অধীনত সম্পূৰ্ণ গতিৰে বলিং কৰিব।“বৰ্তমান পৰিয়ালৰ সৈতে ব্যস্ত হাৰ্দিক। জনা গৈছে যে তেওঁও শীঘ্ৰেই এনচিএলৈ গৈ সতীৰ্থৰ সৈতে যোগ দিব। ৱাশ্বিংটন সুন্দৰ আৰু শাৰদুল ঠাকুৰেও শীঘ্ৰে যোগদান কৰাৰ সম্ভাৱনা আছে।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত ভাৰতে জয়লাভ কৰাৰ পিছতে বিচিচিআইয়ে এদিনীয়া শৃংখলাৰ বাবে দল ঘোষণা কৰে। ১৮ জনীয়া দলটো ঘোষণা কৰা হৈছে। দলটোৰ অধিনায়ক ৰোহিত শৰ্মা। উপ-অধিনায়ক হাৰ্দিক পাণ্ডিয়া। কিন্তু ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে কয় যে পাৰিবাৰিক কাৰণত ৰোহিতে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন এদিনীয়া খেলত খেলিব নোৱাৰিব। অর্থাৎ ৰোহিতৰ খেল চোৱাৰ পৰা বঞ্চিত হ’ব মুম্বাইবাসী৷ খেলখনত ৰোহিতৰ পৰিৱৰ্তে নেতৃত্ব দিব উপ-অধিনায়ক হাৰ্দিকে।
দলটোত ৭ গৰাকী বেটছমেন, ৪ গৰাকী অল ৰাউণ্ডাৰ আৰু ৭ গৰাকী বলাৰ আছে। বেটছমেনসকল হ’ল: ৰোহিত শৰ্মা, শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, সূৰ্য্যকুমাৰ যাদৱ, লোকেশ ৰাহুল আৰু ঈশান কিষাণ। চাৰিজন অল ৰাউণ্ডাৰ হ’ল: হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ আৰু অক্ষৰ পেটেল। সাতজন বলাৰ হ’ল- কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহাল, মহম্মদ ছামি, মহম্মদ চিৰাজ, উমৰাণ মালিক, শাৰদুল ঠাকুৰ আৰু জয়দেৱ উনাদকট। সৌৰাষ্ট্ৰৰ ৰঞ্জী ট্ৰফী জয় কৰা উনাদকটে টেষ্ট দলৰ পাছত পুনৰ এদিনীয়া দললৈ উভতি আহে।