মানচেষ্টাৰ ইউনাইটেডৰ সৈতে সম্পৰ্ক শেষ কৰি নিজৰ ঘৰ বিক্ৰী কৰিব বিচাৰিছে ক্রিষ্টিয়ানো ৰোনাল্ডোৱে। মানচেষ্টাৰৰ ঘৰটোৰ মূল্য ৫৫ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। ৰিয়েল ইষ্টেট এজেণ্টে ৰোনাল্ডোৰ ঘৰ বিক্ৰী কৰিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷
মানচেষ্টাৰৰ বাহিৰৰ চেশ্বাৰত এটা বিলাসী ঘৰৰ মালিক ৰোনাল্ডো। ১৩ একৰ মাটিত নিৰ্মিত এই ঘৰটোত আছে চুইমিং পুল, অত্যাধুনিক জিম, টেনিছ ক’ৰ্ট, স্পা আৰু চিনেমা হল। ঘৰটোত ৭টা শোৱা কোঠা আছে। আছে এখন বাগিচাও৷ কিন্তু এতিয়ালৈকে কোনো গ্ৰাহক বিচাৰি পোৱা নাই বুলি জানিব পৰা গৈছে ।
মানচেষ্টাৰ এৰি যোৱাৰ পিছত ৰোনাল্ডোৱে এই ঘৰৰ পৰা নিজৰ প্ৰিয় কেইবাখনো গাড়ী পৰ্তুগালৰ লিছবনত থকা নিজৰ ঘৰলৈ পঠিয়াই দিছে। বর্তমান তেওঁ ছৌদি আৰৱৰ ক্লাব আল নাছেৰৰ হৈ খেলে। ৰিয়াধলৈ যোৱাৰ পিছত তেওঁ কেইবা দিনো বিলাসী হোটেলত থকাৰ পাছত ৰিয়াধত নতুন ঘৰত প্ৰৱেশ কৰিছে ৷ ৰোনাল্ডোৰ সৈতে থাকিব তেওঁৰ মাতৃ, পত্নী আৰু সন্তান ৷
ব্ৰিটিছ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, যোৱা এমাহত ৰোনাল্ডোৱে হোটেলখনত থাকিবলৈ ডেৰ-দুই নিযুত পাউণ্ড খৰচ কৰিছিল। ভাৰতীয় মুদ্ৰাত সেয়া প্ৰায় ডেৰ কোটি টকা। শেহতীয়াকৈ তেওঁৰ মাতৃ ৰিয়াধলৈ আহিছিল ৰোনাল্ডোৰ লগত থাকিবলৈ। মাকৰ সৈতে নতুন ঘৰত বাস কৰে ৰোনাল্ডোৱে। অৱশ্যে চৌদি আৰৱত ৰোনাল্ডোৰ স্থায়ী ঘৰ ক’ত আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। য’তেই নাথাকক কিয়, ৰোনাল্ডোৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে ।
ৰিয়াধত ৰোনাল্ডোক ফোৰ ছিজন হোটেলৰ কিংডম টাৱাৰত ৰখা হৈছিল। দেশৰ অন্যতম শ্ৰেষ্ঠ বিলাসী হোটেল হিচাপে এই হোটেলখন পৰিচিত । দেশৰ আটাইতকৈ ধনী মানুহেহে ক্ৰয় কৰিব পৰা ছুইট এটাত তেওঁ আছিল। ৰিয়াধৰ এটা শ্ৰেষ্ঠ ছুইটত তেওঁক ৰখা হৈছিল। ৰোনাল্ডোৰ উপৰিও তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু নিৰাপত্তাৰক্ষীৰ বাবে আন ১৬টা কোঠা আছে। ৰোনাল্ডো বাস কৰা কোঠাটোৰ আয়তন ৩০০০ ফুট। এমাহৰ বাবে ভাড়াত দিয়া হৈছিল। মুঠ দুটা মহলাত আছিল ৰোনাল্ডো আৰু তেওঁৰ সঙ্গীসকল। ৰোনাল্ডোৰ কোঠাৰ কাষতে আছিল ব্যক্তিগত অফিচ, ডাইনিং ৰুম আৰু মিডিয়া ৰুম।