আন্তঃৰাষ্ট্ৰীয়ভাৱে সমাদৃত এটা সংগীতৰ বেণ্ড ৷ শৈশৱৰ পৰা কৈশোৰ আৰু যৌৱনলৈকে অসংখ্য লোকক উদ্বেলিত কৰি আহিছে এই বেণ্ডৰ গীতসমূহে৷ যাৰ নাম বেকষ্ট্ৰীট বয়ছ ! এটা যুগতকৈও অধিক সময়ৰ পিছত পুনৰ ভাৰতত অনুষ্ঠান পৰিৱেশন কৰিবলৈ ঘূৰি আহিছে বেকষ্ট্ৰীট বয়ছ। তেৰ বছৰৰ পাছত এই বিপুল জনপ্ৰিয় আমেৰিকান মিউজিক বেণ্ডটোৱে ‘ডি এন এ ৱৰ্ল্ড ট্যুৰ’ৰ অংশ হিচাপে ভাৰতত সংগীতানুষ্ঠান পৰিৱেশন কৰিব । নব্বৈৰ দশকত ‘বেকষ্ট্ৰীট বয়ছ’ই এক অভূতপূৰ্ব উন্মাদনাৰ সৃষ্টি কৰিছিল। তিনিটা দশকৰ পাছতো এই উন্মাদনা কমি যোৱা নাই। অৱশ্যে তেওঁলোকৰ অনুষ্ঠান উপভোগ কৰিবলৈ কিছুদিন অপেক্ষা কৰিব লাগিব অহা ।৪ আৰু ৫ মে’ত মুম্বাই আৰু দিল্লীত অনুষ্ঠান পৰিৱেশন কৰিব বেণ্ডটোৱে।দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আৰু মুম্বাইৰ জিঅ’ ৱৰ্ল্ড গাৰ্ডেনছত অনুষ্ঠান অনুষ্ঠিত হ’ব । ইমান বছৰৰ পাছত ‘বুক মাই শ্ব’ আৰু ‘লাইভ নেচন’ৰ যৌথ উদ্যোগত ভাৰতলৈ আহি আছে বিশ্বৰ চেনচেচন ‘বেকষ্ট্ৰীট বয়ছ’।
‘যোৱা বছৰ ‘বেকষ্ট্ৰীট বয়ছ’-এ তেওঁলোকৰ তথ্যচিত্ৰ ‘দ্য মেকিং অৱ দ্য ডি এন এ ট্যুৰ’ৰ প্ৰথম খণ্ডৰ জৰিয়তে অপেক্ষাৰ অন্ত পেলাইছিল। অনুৰাগীসকলক তেওঁলোকৰ বহু প্ৰত্যাশিত বিশ্ব ভ্ৰমণৰ আদৰণি জনোৱা হৈছিল। ১৯৯৩ চনৰ পৰা এই আমেৰিকান বেণ্ডটোৱে পপ সংগীতেৰে বিশ্বজুৰি ধুমুহাৰ সৃষ্টি কৰিছে। ২০১০ চনলৈকে তেওঁলোকৰ সৰ্বোত্তম সময় আছিল। বেকষ্ট্ৰীট বয়ছক সৰ্বকালৰ আটাইতকৈ সফল পুৰুষ বেণ্ড বুলি গণ্য কৰা হয়। বিশ্বজুৰি তেওঁলোকৰ ১ কোটি ৩০ লাখ এলবাম বিক্ৰী হৈছে। বেণ্ডটোৰ বহু এলবামে ‘বিলব’ৰ্ড শীৰ্ষ ২০০’ৰ তালিকাত শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰিছে। বেকষ্ট্ৰীট বয়ছ শেষবাৰৰ বাবে ভাৰতলৈ আহিছিল ২০১০ চনত।