ব্যয় সংকোচনৰ বাবে আন এক পদক্ষেপ গ্ৰহণ কৰিছে গুগলে। কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পিছত এইবাৰ বহুজাতিক কোম্পানীটোৱে ঠায়ে ঠায়ে সৰু কৰিবলৈ ওলাইছে ইয়াৰ কার্যালয় ৷ এতিয়াৰ পৰা কর্মচাৰীসকলে কৰ্মক্ষেত্ৰত নিজৰ স্থান সালসলনি কৰিব লাগিব বুলি প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে ৷ ফলত সকলো কর্মচাৰীৰ কৰ্মস্থলীত এজনকৈ ‘সঙ্গী’ থাকিব। লগতে কর্মচাৰীসকলে আন এজন কর্মচাৰীৰ সৈতে টেবুলখন শ্বেয়াৰ কৰিব লাগিব। ইয়াৰ ফলত গুগলৰ কার্যালয়তত বহু ঠাই ৰাহি হ’ব।
আমেৰিকাৰ গুগলৰ বৃহৎ কাৰ্যালয়ত এই নিয়ম কাৰ্যকৰী কৰা হৈছে। ৱাশ্বিংটন, নিউয়ৰ্ক, ছান ফ্ৰান্সিস্কো, ছিয়াটল, ছানিভেল, কেলিফৰ্ণিয়াত থকা গুগলৰ কাৰ্যালয়সমূহ এতিয়া কর্মচাৰীসকলে নতুন নিয়ম মানি কাম কৰিব লাগিব ৷ পৰৱৰ্তী পৰ্যায়ত কোম্পানীটোৱে ভাড়াতীয়া কেইবাটাও কাৰ্যালয় খালী কৰিব। ফলত তেওঁলোকৰ খৰচ ৰাহি হ’ব।
যিহেতু তেওঁলোকে একেখন ডেস্কতে বহি কাম কৰিব লাগে, গতিকে গুগলে কয় যে কৰ্মচাৰীসকল ঘূৰণীয়াকৈ বহি কাৰ্যালয়ত কাম কৰিব লাগিব ৷ নিৰ্ধাৰিত দিনৰ বাহিৰত কাৰ্যালয়লৈ আহিলে কৰ্মচাৰীসকলে নিজৰ আসনত বহিব নোৱাৰিব। তেনে ক্ষেত্ৰত তেওঁ অতিৰিক্ত আসনত বহিব লাগিব।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি গুগলে এই ব্যৱস্থা অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে। মহামাৰীৰ পিছতে পুনৰ কাৰ্যালয়লৈ উভতি আহিছে কর্মচাৰীসকল ৷ কোম্পানীটোৱে লগতে কয় যে কৰ্মচাৰীসকলৰ মাজত এক সমীক্ষা কৰি এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ফলত কৰ্মচাৰীসকলেও সপ্তাহত কেইবাদিনো ঘৰৰ পৰাই কাম কৰাৰ সুযোগ পাব। সংস্থাটোৰ সূত্ৰ অনুসৰি কৰ্মচাৰীৰ স্থান আবণ্টনৰ বাবে উপ-সভাপতি বা পৰিচালক নিযুক্তি দিয়া হ’ব।
শেহতীয়াকৈ গুগলে এবাৰতে ১২ হাজাৰ কর্মচাৰীক চাটাই কৰিছে। নিশা ৩ বজাত হঠাৎ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে কর্মচাৰীক । কিন্তু গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে কয় যে এই জটিল পৰিস্থিতিতো কোম্পানীয়ে শ্ৰমিকৰ কাষত থিয় দিব। চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত গুগলৰ কৰ্মীয়ে পাবলগীয়া বোনাছৰ ওপৰতো ক্ষোভিত হৈ পৰিছে।