চলচ্চিত্ৰ নিৰ্মাণ হওক বা চিত্ৰনাট্য হওক, দক্ষিণৰ চিনেমাসমূহে বহু বছৰ ধৰি বলীউডৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ আহিছে। দক্ষিণ উদ্যোগৰ তাৰকাসকলৰ কম বাজেটতো ডাঙৰ ডাঙৰ ছবি নিৰ্মাণ কৰাৰ ক্ষমতা আছে। ‘বাহুবলী’ৰ পৰা আৰম্ভ কৰি ‘আৰ আৰ আৰ’, ‘শ্যাম সিং ৰায়’, ‘বিক্ৰম’ বহু ছবিয়ে দৰ্শকক মোহিত কৰিছে। কিন্তু ৰজনীকান্ত, প্ৰভাস, আল্লু অৰ্জুনৰ দৰে চিনেমাৰ নায়কসকলে কিমান পাৰিশ্ৰমিক লাভ কৰে আপুনি জানেনে ?বলিউদৰ বহু নামী দামী তাৰকাতকৈ তেওঁলোকে কেইবা গুণো অধিক মাননি লাভ কৰে ৷
২০২১ চনত মুক্তি লাভ কৰে ৰজনীকান্তৰ তামিল ছবি ‘আন্নথে’। তেলেগু ৩৬০ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ছবিখনত অভিনয় কৰিবলৈ ৰজনীকান্তে ১০০ কোটি টকাৰ মাননি লৈছিল। ইয়াৰ পিছত অভিনেতাজনে মাননি বৃদ্ধি কৰে ৷ৰজনীকান্তক আগন্তুক ছবি ‘জিলাৰ’ত কাম কৰা দেখা যাব। জী নিউজৰ মতে, অভিনেতাগৰাকীয়ে এই ছবিখনৰ বাবে ১৫০ কোটি টকাৰ মাচুল বিচাৰিছে। ৰজনীকান্তৰ লগতে এই একচন ড্ৰামা ছবিখনত কানাড়া অভিনেতা শিৱ ৰাজকুমাৰেও অভিনয় কৰিব।
২০২২ চনৰ জুন মাহত মুক্তি লাভ কৰিছিল ‘বিক্ৰম’ ছবিখন। কমল হাছানৰ সৈতে বিজয় সেতুপতি, ফহাধ ফাচিলেও অভিনয় কৰে ৷এই ছবিখনে মুক্তিৰ পিছতো বক্স অফিচত কম উপাৰ্জন কৰা নাছিল। এতিয়া কমল ব্যস্ত ‘ইণ্ডিয়ান ২’ৰ কামত। এছ শংকৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত অভিনয়ৰ বাবে তেওঁ ১৫০ কোটি টকাৰ মাচুল বিচাৰিছে।
‘বিষ্ট’, ‘মাষ্টাৰ’, ‘বীজিল’ আদিকে ধৰি এখনৰ পাছত আন এখন হিট ছবি উপহাৰ দি আহিছে বিজয়ে ৷ আগন্তুক ছবি ‘বৰিছু’ৰ বাবে ১২০ কোটি টকাৰ মাচুল লাভ কৰা বুলি চৰ্চা চলিছে। ইতিমধ্যে বিজয়ে মাননি বৃদ্ধি কৰিছে। ৬৭ সংখ্যক ছবিখনত কাম কৰিবলৈ তেও প্ৰস্তুত হৈছে । ছবিখনৰ শিৰোনাম সন্দৰ্ভত এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। কিন্তু একাংশই দাবী কৰে যে এই ছবিখনৰ নাম ‘থালাপতি ৬৭’ হ’ব পাৰে। এই ছবিখনত অভিনয় কৰিবলৈ বিজয়ে ১৩০ কোটি টকাৰ মাচুল বিচাৰিছে।
প্ৰভাস দক্ষিণৰ আন এজন জনপ্ৰিয় অভিনেতা ৷‘প্ৰজেক্ট কে’ আৰু ‘ছালাৰ’ৰ দৰে ছবিত তেওঁ অভিনয় কৰিব । কিন্তু ওম ৰাউতৰ পৰিচালনাত নিৰ্মিত ‘আদিপুৰুষ’ ছবিখনক লৈ দৰ্শক অধিক উৎসাহী। শুনা যায় যে এই ছবিখনত অভিনয় কৰাৰ বাবে প্ৰভাছে ১২০ টকা মাননি লাভ কৰে ৷ এই পৌৰাণিক কাহিনী ভিত্তিক ছবিখনত প্ৰভাসৰ সৈতে দেখা যাব কৃতি শ্বেননক। ছাইফ আলী খানেও ছবিখনত অভিনয় কৰিছে।
পাৰিশ্ৰমিকৰ ক্ষেত্ৰত প্ৰভাসক প্ৰত্যাহ্বান জনাইছে আল্লু অৰ্জুনে। ‘পুষ্পা’ ছবিৰ প্ৰথম খণ্ডত অভিনয় কৰি তেওঁ খ্যাতি লাভ কৰিছে ৷ এই ছবিখনত কাম কৰি অভিনেতাগৰাকীয়ে ৫০ কোটি টকা লাভ কৰে। বৰ্তমান ‘পুষ্পা’ৰ দ্বিতীয় খণ্ডত ব্যস্ত আল্লু অৰ্জুন। কিন্তু অভিনেতাসকলৰ পাৰিশ্ৰমিক এইবাৰ বৃদ্ধি কৰা হৈছে । তেওঁ আগৰ তুলনাত প্ৰায় তিনিগুণ পাৰিশ্ৰমিক বিচাৰিছিল। শুনা যায় যে আল্লু অৰ্জুনে দ্বিতীয় খণ্ডত অভিনয় কৰাৰ বাবে ১২৫ কোটি মাচুল বিচাৰিছে।
ৰামচৰণ আৰু জুনিয়ৰ এন টি আৰৰ যুটি ‘আৰ আৰ আৰ’ ছবিৰ পিছত জনপ্ৰিয় হৈ পৰিছিল। এই ছবিখনত অভিনয় কৰাৰ বাবে ৰামচৰণক ৪৫ কোটি টকা দিয়া হৈছিল। কিন্তু পৰৱৰ্তী ছবিখনৰ বাবে ৰামচৰণে নিজৰ মাননি বৃদ্ধি কৰিছে। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি অভিনেতাগৰাকীয়ে ‘জাৰ্চি’ৰ পৰিচালক গৌতম তিন্নানুৰিৰ সৈতে কাম কৰিবলৈ ওলাইছে। এই ছবিখনত অভিনয়ৰ বাবে ৰামচৰণে ১০০ কোটি মাচুল বিচাৰিছিল।
ৰামচৰণৰ দৰে জুনিয়ৰ এন টি আৰেও এছ এছ ৰাজামৌলিৰ ‘আৰ আৰ আৰ’ত অভিনয় কৰাৰ বাবে লাভ কৰিছিল ৪৫ কোটি টকা। বিভিন্ন সংবাদ সংস্থাৰ মতে, এতিয়া অভিনেতাজনে এখন ছবিত অভিনয় কৰিবলৈ ৬০ৰ পৰা ৮০ কোটি টকাৰ মাচুল বিচাৰিছে।
চিৰঞ্জীৱী তেলেগু চলচ্চিত্ৰ জগতৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা। ২০২২ চনৰ ৫ অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিছিল ‘গডফাদাৰ’। এই ছবিখনত অভিনেতাগৰাকীয়ে নয়নতৰাৰ সৈতে অভিনয় কৰিছিল। এই ছবিখনত কাম কৰাৰ বাবে তেওঁ লাভ কৰিছিল ৪৫ কোটি টকাৰ পাৰিতোষিক।