দেশমাতৃৰ সেৱাত ব্ৰতী হৈ ২০১৯ চনৰ ১৩ জুনত ঝাৰখণ্ডৰ চৰাইকিল্লাত মাওবাদীৰ আক্ৰমণত প্ৰাণাহুতি দিয়া ৰঙিয়া মহকুমাৰ অন্তৰ্গত ডিমু পালাবাৰ বীৰ শ্বহীদ সুনীল কলিতাৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে পৰিয়ালে নিৰ্মাণ কৰা শ্বহীদগৰাকীৰ এটি আবক্ষ মূর্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। পালাৰাৰ শ্বহীদগৰাকীৰ বাসগৃহ চৌহদত নিৰ্মাণ কৰা শ্বহীদ সুনীল কলিতাৰ আবক্ষ মূৰ্তিটোৰ লগতে তেওঁৰ স্মৃতিত পৰিয়ালে নিৰ্মাণ কৰা বিষ্ণু মন্দিৰ উদ্বোধন কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই।
ইয়াৰ পিছতে অনুষ্ঠিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিধায়কগৰাকীৰ লগতে শ্বহীদ সুনীল কলিতাৰ পিতৃ মদন কলিতা, মাতৃ কৌশল্যা কলিতাসহ আত্মীয়-স্বজন আৰু অসংখ্য শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানত বিধায়ক দিগন্ত কলিতাই শ্বহীদগৰাকীলৈ গভীৰ শ্ৰদ্ধা জনোৱাৰ লগতে ৰাইজে বিচাৰিলে ৰাজহুৱাভাৱে শ্বহীদ সুনীল কলিতাৰ প্ৰতিমূৰ্তি স্থাপন কৰাত সৰ্বতোপ্ৰকাৰ সহায় কৰিব বুলি কয়। বিয়লি কবিতা বৰুৱা আৰু চন্দ্ৰমা দাসে নাগাৰা নাম পৰিবেশন কৰে।