VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
February 26, 2023
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

আজিৰ দিনটোতে বিশিষ্ট স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱানক ব্ৰিটিছে ফাঁচী দিছিল । ব্ৰিটিছে অসম দখল কৰাৰ পিছত তেওঁ ইংৰাজৰ অধীনত ৰেভিনিউ চিৰস্তাদাৰ আৰু তহচিলদাৰ পদবী লাভ কৰে ।পিছত তেওঁ ব্ৰিটিছৰ চাকৰি বাদ দি শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে ।তেৱেই অসমত প্ৰথমে চাহ বাগিচা স্থাপন কৰিছিল । তেওঁ কলিকতাৰ পৰা প্ৰকাশিত ‘বিবেক দৰ্পণ’ত বিভিন্ন প্ৰবন্ধ-পাতি লিখাৰ উপৰি ‘বুৰঞ্জী বিৱেক ৰত্ন’ নামৰ এখন পুথিও ৰচনা কৰিছিল । ১৮৫৭ চনৰ শেষৰ ফালে তেওঁ কন্দৰ্পেশ্বৰ সিংহক উজনি অসমৰ ৰজা পাতিবলৈ ব্ৰিটিছক অনুৰোধ জনাবলৈ কলিকতালৈ ৰাওনা হয় । তাতেই চিপাহী বিদ্ৰোহৰ কথা জানিব পাৰি উৎসাহিত হৈ তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু হোৱাৰ বাবে কন্দৰ্পেশ্বৰ সিংহলৈ এখন চিঠি লিখে । কিন্তু সেই চিঠিখন ব্ৰিটিছৰ আৰক্ষী বিষয়া হৰনাথ দাৰোগাৰ হাতত পৰে আৰু ব্ৰিটিছে বিদ্ৰোহৰ পৰিকল্পনা কৰাৰ অপৰাধত ১৯৫৮ চনৰ আজিৰ দিনটোতে তেওঁক যোৰহাটত ফাঁচী দিয়ে ।এইগৰাকী মহান ব্যক্তিলৈ আমাৰ প্ৰণাম ।

আজি সাহিত্যিক বেণুধৰ শৰ্মাৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে সাহিত্যিক, সাংবাদিক, সমাজ সংস্কাৰক আৰু প্ৰত্নতত্ত্ববিদ । ১৯১৫ চনত শিৱসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল যদিও অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰি শিক্ষা আধাতে সামৰি উভতি আহে আৰু শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলে।তেওঁ আছিল সাহিত্য অকাডেমি বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া । কংগ্ৰেছৰ কাচিয়লি ৰ’দত নামৰ গ্ৰন্থখনৰ বাবে ১৯৬০ চনত তেওঁ এই বঁটা লাভ কৰিছিল। ১৯৫৬ চনত ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেনত তেওঁ সভাপতিত্ব কৰিছিল । অসম বুৰঞ্জীৰ উপকৰণ, দেশদ্ৰোহী কোন বদন নে পূৰ্ণানন্দ, মোগল খেলাৰ আখৰা আদি তেওঁৰ প্ৰকাশিত পুথি। তেওঁ ‘তৰুণ অসম’ৰ সম্পাদক আৰু প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ৰ সহকাৰী সম্পাদক আছিল। ১৯৮১ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । ভাৰত চৰকাৰে মৰণোত্তৰভাৱে তেওঁক পদ্মভূষণ সন্মান প্ৰদান কৰে। এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট সাহিত্যিক তথা গৱেষক নন্দ তালুকদাৰৰ স্মৃতি দিৱস । তেওঁ প্ৰথমতে শ্বিলঙৰ শংকৰদেৱ কলেজত অধ্যাপনা কৰিছিল আৰু পিছলৈ গুৱাহাটীৰ পাণ্ডু কলেজত অধ্যাপনা কৰিবলৈ লৈ তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে । তেওঁ ৰচনা আৰু সম্পাদনা কৰা গ্ৰন্থসমূহৰ ভিতৰত কবি আৰু কবিতা, চিৰ চেনেহী মোৰ ভাষা জননী, সম্বাদ পত্ৰৰ ৰ’দ কাঁচলিত অসমীয়া সাহিত্য আদি উল্লেখযোগ্য। ১৯৮৩ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে। এইগৰাকী মহান ব্যক্তিলৈ আমাৰ প্ৰণাম ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

ৰঙিয়াৰ পালাৰাত শ্বহীদ সুনীল কলিতাৰ আবক্ষ মূর্তি উন্মোচন

Related Posts

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়
সমাজ

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়

August 21, 2023
ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ
সমাজ

ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ

August 21, 2023
৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ
সমাজ

৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ

August 19, 2023
সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’
সমাজ

সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’

August 19, 2023
পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক
সমাজ

পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক

July 20, 2023
৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !
সমাজ

৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !

July 12, 2023
Next Post
ৰঙিয়াৰ পালাৰাত শ্বহীদ সুনীল কলিতাৰ আবক্ষ মূর্তি উন্মোচন

ৰঙিয়াৰ পালাৰাত শ্বহীদ সুনীল কলিতাৰ আবক্ষ মূর্তি উন্মোচন

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7