অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ প্ৰথম দিনাই নজিৰ গঢ়ি তুলিছিল ৰবীন্দ্ৰ জাডেজাই। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০০০ ৰান আৰু ৫০০ উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হয় জাডেজা । তেওঁ স্পৰ্শ কৰিলে কপিল দেৱৰ কৃতিত্ব।
বুধবাৰে অষ্ট্ৰেলিয়াৰ অ’পেনাৰ ট্ৰেভিছ হেডক আউট কৰি জাডেজাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০০ উইকেট দখলৰ মাইলৰ খুঁটিত উপনীত হয়। দেশৰ হৈ ৬৩খন টেষ্ট, ১৭১খন এদিনীয়া মেচ আৰু ৬৪খন টি-২০ মেচ খেলি এই কৃতিত্ব অৰ্জন কৰে ৩৪ বছৰীয়া অল ৰাউণ্ডাৰগৰাকীয়ে। এই পৰ্যন্ত জাডেজাই টেষ্টত ২৬০টা, এদিনীয়াত ১৮৯টা আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৫১টা উইকেট দখল কৰিছে। তিনি প্ৰকাৰৰ ক্ৰিকেটত জাডেজাই ক্ৰমে ২৬২৩, ২৪৪৭ আৰু ৪৫৭ ৰান সংগ্ৰহ কৰে। এই পৰ্যন্ত ভাৰতীয় ক্ৰিকেটাৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০০০ ৰান আৰু ৫০০ উইকেট দখল কৰাৰ কৃতিত্ব কেৱল কপিল দেৱৰহে আছিল।
যোৱা এছিয়া কাপৰ সময়ত আঁঠুৰ আঘাতৰ পৰা সুস্থ হৈ উঠি বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি আহিছিল বাওঁহাতৰ অল ৰাউণ্ডাৰগৰাকীয়ে। পাঁচ মাহৰ অন্তত ভাৰতীয় দললৈ ঘূৰি অহাৰ পাছত প্ৰথম দুখন মেচত শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে সন্মানিত হয় জাডেজা।
ছন্দত থাকিলেও তেওঁৰ বলিঙক লৈ প্ৰশ্ন উত্থাপন হৈছে। টেষ্ট শৃংখলাত তেওঁ ‘ন’’ বলিং কৰাৰ বাবে তিনিটা উইকেট হেৰুৱাইছিল। প্ৰথম আৰু দ্বিতীয় টেষ্টৰপিছত তৃতীয় টেষ্টো তো একে ভুল কৰিছিল জাডেজাই। প্ৰথম টেষ্টত জাডেজাৰ ‘ন’ বলৰ বাবে আউট হোৱাৰ পৰা ৰক্ষা পৰে ষ্টিভ স্মিথ। দ্বিতীয়খন টেষ্টত ‘ন’ বলৰ বাবে ৰক্ষা পৰে পিটাৰ হেণ্ডস্কম। বুধবাৰে জাডেজাই আউট কৰাৰ পিছতো মাৰ্নাছ লাবুচেন ‘ন’’ বলৰ বাবে সকাহ লাভ কৰে ৷ তাৰ আগতে অৱশ্যে তেওঁ এই কৃতিত্ব গঢ়ি তুলিছিল। জাডেজাৰ বাৰে বাৰে ভুলৰ মূল্য ভৰিব লগা হৈছে ভাৰতীয় দলে। যাৰ লগে লগে আৰম্ভ হ’ল সমালোচনা।