এইবাৰ আইনী মেৰপেচত সোমাই পৰিছে শ্বাহৰুখ খানৰ পত্নী গৌৰী খান ৷ বৃহৎ পৰিমাণৰ ধন দিয়াৰ পিছতো নিৰ্দিষ্ট সময়ৰ ভিতৰত ফ্লেট লাভ নকৰাত এজন গ্ৰাহকে গৌৰী খানৰ বিৰুদ্ধে তৰিছে গোচৰ ৷ আস্থা ভংগৰ অভিযোগত শ্বাহৰুখ পত্নী গৌৰী খানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মুম্বাইৰ বাসিন্দা যশৱন্ত শ্বাহে ৷ ভাৰতীয় দণ্ডবিধিৰ ৪০৯ ধাৰাত তেওঁ এফআইআৰ দাখিল কৰে। লক্ষ্ণৌৰ সুশান্ত গলফ চিটি আৰক্ষী থানাত জামিন অযোগ্য ধাৰাৰ অধীনত এফআইআৰ দাখিল কৰে মুম্বাই বাসিন্দা যশৱন্তে। ৮৬ লাখ টকাৰ দাম দিও ফ্লেটৰ মালিকীস্বত্ব নোপোৱা বুলি তেওঁ অভিযোগ কৰে।
গৌৰী খানৰ উপৰিও যশৱন্তই দাখিল কৰা এফআইআৰত তুলসিয়ানী কনষ্ট্ৰাকচন এণ্ড ডেভেলপমেণ্ট লিমিটেডৰ দুজন সঞ্চালক অনিল তুলসিয়ানী আৰু মহেশ তুলসিয়ানীৰ নামো সন্নিবিষ্ট কৰা হৈছে। যশৱন্তই অভিযোগ কৰে যে তেওঁলোকৰ কোম্পানীৰ পৰা ৮৬ লাখ টকাত ফ্লেটটো ক্ৰয় কৰিছিল। নিৰ্ধাৰিত সময়ৰ পাছতো ফ্লেটৰ চাবি তেওঁক প্ৰদান কৰা নহ’ল ৷ গতিকে তেওঁ আস্থা ভংগৰ অভিযোগত নন-বেইলেবল ধাৰাত এফআইআৰ দাখিল কৰে। শ্বাহৰুখ-পত্নী গৌৰী খান তুলসিয়ানী কনষ্ট্ৰাকচন এণ্ড ডেভেলপমেণ্ট লিমিটেডৰ মূল মুখ বা ব্ৰেণ্ড এম্বেছাদৰ। যশৱন্তই সেই কোম্পানীটোৰ এটা ফ্লেট কিনাৰ সিদ্ধান্ত লৈছিল। যশৱন্তৰ দাবী যে যিহেতু ইণ্টেৰিয়ৰ ডিজাইনাৰ গৌৰী খান কোম্পানীটোৰ ব্ৰেণ্ড এম্বেছাদৰ, গতিকে এই আস্থা ভংগৰ অভিযোগ তেওঁৰ বিৰুদ্ধেও উত্থাপন হ’ব ৷ সেয়ে শ্বাহৰুখ পত্নীৰ বিৰুদ্ধে তেওঁ এজাহাৰ দাখিল কৰে।
মন কৰিবলগীয়া যে গৌৰী খান কেইবাবছৰ পূৰ্বে তুলসিয়ানী কনষ্ট্ৰাকচন এণ্ড ডেভেলপমেণ্ট লিমিটেডৰ ব্ৰেণ্ড এম্বেছাদৰ আছিল। শেহতীয়াকৈ সেই কোম্পানীটোৰ সৈতে তেওঁৰ কোনো যোগাযোগ বা চুক্তি আছে নে নাই সেয়া জানিব পৰা হোৱা নাই। ইয়াৰ পূৰ্বে শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খান ড্ৰাগছ সম্পৰ্কীয় গোচৰত জড়িত আছিল। কিন্তু পিছত আৰিয়ানক দোষমুক্ত কৰা হয়। সেই ঘটনাৰ পিছত পুনৰ আইনী সমস্যাত পৰিছে খান পৰিয়াল।