সমাগত দৌল উৎসৱ ৷ দৌল উৎসৱ অথবা ফাকুৱা মানেই যেন ৰঙৰ উৎসৱ- আনন্দৰ উৎসৱ ৷ কিন্তু বজাৰত উপলব্ধ ফাকুগুড়িত ব্যৱহৃত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থই শিশুৰ কোমল ছালৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। বৰ্তমান বজাৰত বিভিন্ন কোম্পানীৰ ভেষজ ফাকুগুড়ি পোৱা যায় যদিও সাধাৰণ ফাকুগুড়িৰ তুলনাত ইয়াৰ দাম আকাশলংঘী। যিসমূহ সাধাৰণ মানুহৰ বাবে ক্ৰয় কৰাটো অত্যন্ত কঠিন ৷ কেবল সেয়াই নহয় ,বজাৰত বিক্ৰী হৈ থকা ভেষজ ফাকুগুড়ি আচলতে বনৌষধিৰ পৰা তৈয়াৰ কৰা হয় নেকি? এই প্ৰশ্নৰ উত্তৰ পোৱাটো টান! গতিকে বিকল্প হিচাপে আপুনিও ঘৰতে প্ৰস্তুত কৰিব পাৰে ভেষজ ফাকুগুড়ি ৷ কোনবিধ ৰঙৰ ফাকুগুড়ি কিদৰে প্ৰস্তুত কৰিব জাঁনো আহক ৷
১) হালধীয়া
সকলোৰে ঘৰত হালধি আৰু বেচন মজুত থাকে ৷ চাৰি ভাগ বেচন আৰু এক ভাগ হালধি ভালদৰে মিহলাই দিলে হালধীয়া ৰঙৰ ফাকুগুড়ি প্ৰস্তুত হ’ব। বেচন ঘৰত নাথাকিলে চাউলৰ গুড়িও আপুনি ব্যৱহাৰ কৰিব পাৰে ৷ নার্জী ফুলৰ পাহি শুকুৱাই গুড়ি কৰিলে হালধীয়া ৰং পোৱা যাব।
২) সেউজীয়া
পালেং শাক ভালদৰে পিহি লওঁক ৷ এইবাৰ মিশ্ৰণটো ভালদৰে চেকি গোলাপজলৰ লগত মিহলাই লওক। তৰল মিশ্ৰণটো এটা ডাঙৰ ট্ৰেত ৰাখি একাপ কৰ্ণফ্লাৱাৰৰ সৈতে ভালদৰে মিহলাই লওক। লক্ষ্য কৰিব যাতে কোনো ধৰণৰ মখা নাবান্ধে ৷ এইবাৰ মিশ্ৰণটো ৰ’দত ভালদৰে শুকুৱাই হাতেৰে গুড়ি কৰিলেই আপুনি পাব সেউজীয়া ৰঙৰ ভেষজ ফাকুগুড়ি ৷
৩) গোলাপী
বীটৰ ৰস বনাই ভালদৰে চেকি লওক। একাপ বীটৰ ৰসৰ সৈতে এচামুচ গোলাপজল মিহলাই লওক ৷ কর্ণফ্লাৱাৰ বা চাউলৰ গুড়ি তৰল মিশ্ৰণৰ লগত খুব ভালদৰে মিহলাই লওক। মিশ্ৰণটো ৰ’দত বা মাইক্ৰৱেভত শুকুৱাই লওক। এইবাৰ হাতেৰে ভালকৈ পিহিলে গোলাপী ৰঙৰ ফাকুগুড়ি পাব। অতি মিহি গুড়ি বিচাৰিলে মিক্সাৰত মিশ্ৰণটো পিহিবও পাৰে।
৪) কমলা ৰঙ
কমলাৰ বাকলি গুড়ি কৰি এই ৰং বনাব পাৰে। কমলাৰ বাকলি শুকুৱাই ভালদৰে পিহি লওক। এইবাৰ কৰ্ণফ্লাৱাৰ আৰু অলপ হালধি গুড়ি মিহলাই কমলা ৰঙৰ ফাকুগুড়ি প্ৰস্তুত কৰিব পাৰে ৷
ইয়াৰ বাহিৰেও খাদ্য ৰং(ফুড কালাৰ) ব্যৱহাৰ কৰি ভেষজ ফাকুগুড়ি সহজে তৈয়াৰ কৰিব পাৰি। একাপ পানীৰ চাৰি অংশ, আপোনাৰ পছন্দৰ ফুড কালাৰিং আৰু ৪ চামুচ কৰ্ণফ্লাৱাৰ একেলগে মিহলাই ডাঠ মিশ্ৰণ এটা বনাব। মিশ্ৰণটো পৰিষ্কাৰ কাগজত এখনত ঢালি শুকুৱাই লওক। মিশ্ৰণটো শুকাই গ’লে মিক্সাৰলৈ পৰিণত কৰি আপোনাৰ পছন্দৰ ৰঙা, নীলা, সেউজীয়া ৰঙৰ ভেষজ ফাকুগুড়ি প্ৰস্তুত কৰিব পাৰে