নিৰ্বাচনী প্ৰক্ৰিয়াত ‘স্বচ্ছতা বজাই ৰখা’ৰ বাবে উচ্চতম ন্যায়ালয়ে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে কয় যে এখন বিশেষ কমিটীয়ে দেশৰ নিৰ্বাচনী আয়ুক্তক নিযুক্তি দিব। এই সমিতিৰ সদস্য হ’ব দেশৰ মুখ্য ন্যায়াধীশ, প্ৰধানমন্ত্ৰী আৰু বিৰোধী দলৰ নেতা। উচ্চতম ন্যায়ালয়ৰ এই কাৰ্যক বহুতে ‘ঐতিহাসিক’ বুলি গণ্য কৰিছে।
এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৰায় দিওঁতে বৃহস্পতিবাৰে কয় যে সমগ্ৰ দেশতে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্বাচন আয়ুক্তৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। পৰিৱৰ্তিত পৰিস্থিতিত তিনিজনীয়া কমিটীয়ে নতুন নিৰ্বাচনী আয়ুক্তৰ নাম প্ৰস্তাৱ কৰিব ৷ তাৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰপতিয়ে আয়ুক্তক নিযুক্তি দিব।
উচচতম ন্যায়ালয়ৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠেও দেশৰ নির্বাচন প্রক্রিয়াত স্বচ্ছতা বজাই ৰখাটো প্রয়োজনীয়তা প্রকাশ কৰে৷ উচ্চতম ন্যায়ালয়ে কয় যে এই পদক্ষেপ স্বচ্ছতাৰ স্বাৰ্থত লোৱা হৈছে । এই প্ৰসংগত আদালতে পৰ্যবেক্ষণ কৰে যে চিবিআইৰ মুৰব্বীক যিদৰে নিযুক্তি দিয়া হয়, ঠিক সেইদৰেই নিৰ্বাচন আয়ুক্তসকলক নিযুক্তি দিয়া উচিত। বৰ্তমানৰ ব্যৱস্থাত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে নিৰ্বাচন আয়ুক্তক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। তেওঁলোকৰ কাৰ্যকাল ৬ বছৰ। সাধাৰণতে এই পদৰ বাবে দেশৰ প্ৰাক্তন আমোলাসকলক বাছনি কৰা হয়। কিন্তু এই মনোনয়নৰ ওপৰত বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে। কংগ্ৰেছ হওক বা বিজেপি হওক বিৰোধী দলসমূহে চৰকাৰৰ ঘনিষ্ঠ আমোলাক নিৰ্বাচন আয়ুক্ত কৰা বুলি বিভিন্ন সময়ত দাবী কৰি আহিছে।
দেখাত নিৰ্বাচন আয়োগ এক স্বতন্ত্ৰ আৰু স্ব-শাসিত প্ৰতিষ্ঠান যদিও বহুবাৰ ইয়াৰ বিৰুদ্ধে ৰাজনৈতিক হস্তক্ষেপৰ অভিযোগ উত্থাপন হৈছে। শাসকীয় দলৰ ক্ষেত্ৰত মৌনতা আৰু বিৰোধী দলৰ ব্যৱহাৰত অতি সক্ৰিয় হোৱাৰ অভিযোগো আয়োগক উত্থাপন কৰা হৈছে। শেহতীয়াকৈ আয়োগে ছিন্দেবাহিনীক ‘প্ৰকৃত’ শিৱসেনা হিচাপে স্বীকৃতি দিয়াৰ পিছতে উদ্ধৱ থাকৰেৰ সমৰ্থকসকলে আয়োগক ৰাজনৈতিক পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰে। উদ্ধৱ থাকৰেই নিজেই আয়োগক শাসকীয় দলৰ ‘সেৱক’ বুলি ঠাট্টা-মস্কৰা কৰিছিল। এই প্ৰেক্ষাপটত উচ্চতম ন্যায়ালয়ৰ এই আদেশ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।