তেওঁলোকৰ জীৱনটো চিনেমাৰ দৰে। দৰ্শকে আগতেও পৰ্দাত এনে কাহিনী দেখিছে। নায়ক আৰু নায়িকা বিচ্ছেদ। বহু বছৰৰ মূৰত পুনৰ লগ হৈছিল দুয়ো। কাপুৰ পৰিয়ালৰ সদস্যৰ বাস্তৱ জীৱন চিনেমাৰ কাহিনীৰ দৰে। ৩৫ বছৰৰ পাছত পুনৰ একত্ৰিত হ’ল ৰণধীৰ কাপুৰ আৰু ববিতা কাপুৰ। সত্তৰৰ দশকৰ এজন সফল অভিনেতা ৰণধীৰ। সেই সময়ত ববিতাই কেইবাখনো চিনেমাতো অভিনয় কৰিছিল। কিন্তু এতিয়া তেওঁলোকৰ আন এক পৰিচয়। কৰিশ্মা কাপুৰ আৰু কৰীনা কাপুৰ খানৰ পিতৃ-মাতৃ।
ববিতা আৰু ৰণধীৰে বিবাহৰ ১৭ বছৰ পিছত বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লয়। কিন্তু তেওঁলোকৰ মাজত কেতিয়াও আইনী বিচ্ছেদ হোৱা নাছিল। ববিতাই অকলে কৰিশ্মা আৰু কৰীনাক ডাঙৰ-দীঘল কৰিলে। দুয়োগৰাকী বলিউডৰ সফল অভিনেত্ৰী। কৰীনাৰ দুই পুত্ৰ সন্তানৰ সৈতে সুখী সংসাৰ। কৰিশ্মাৰ সন্তানো ডাঙৰ হৈছে।
ইমান বছৰৰ ব্যৱধানৰ অন্তত ববিতা আৰু ৰণধীৰে পুনৰ একেখন ঘৰতে একেলগে থাকিবলৈ সিদ্ধান্ত লৈছে অৱশ্যে বিগত ৭ মাহ ধৰি দুয়ো একেলগে থকাৰ কথা মায়ানগৰীত চৰ্চা চলিছে। অৱশ্যে পিতৃ-মাতৃ পুনৰ একেলগে থকাৰ বাবে দুয়োগৰাকী ছোৱালী সুখী। কাপুৰ পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰই এই খবৰ প্ৰকাশ কৰিছে ৷
ববিতা আশীৰ দশকৰ শেষৰ ফালে আৰ কে বাংলোৰ পৰা ওলাই আহিছিল। যদিও দুয়ো বিচ্ছেদিত, তথাপিও ববিতাই ইমান দিনে কাপুৰ পৰিয়ালৰ সকলো দায়িত্ব আৰু কৰ্তব্য পালন কৰি আহিছে। দুয়োজনে বৰ্তমান বান্দ্ৰাৰ ঘৰত বাস কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰিছে ৷