সোমবাৰে সমগ্ৰ বিশ্বজুৰি হঠাৎ ব্যাহত হৈ পৰে টুইটাৰৰ সেৱা ৷ টুইটাৰ ব্যৱহাৰকাৰীসকলে মাইক্ৰ’ব্লগিং চাইটটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰে ৷
এনে সমস্যা নিৰীক্ষণ কৰা কোম্পানীৰ ডাউনডিটেক্টৰৰ মতে প্ৰায় ৮ হাজাৰ ব্যৱহাৰকাৰীয়ে এই অভিযোগৰ ৰিপৰ্ট দিছে। টুইটাৰত ফটো আৰু ভিডিঅ’ সেৱাও প্ৰভাৱিত হয়।
টুইটাৰে এক বিবৃতিত কয় –“ টুইটাৰৰ কিছুমান সেৱাই হয়তো আশা কৰা ধৰণে কাম কৰা নাই। আমি এটা আভ্যন্তৰীণ পৰিৱৰ্তন কৰা হৈছে যাৰ ফলত এই সমস্যাৰ সৃষ্টি হ’ল। আমি ইয়াক সোনকালে ঠিক কৰিবলৈ চেষ্টা কৰিছো। সমস্যাটো সমাধান হ’লে আমি ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিম।”