যৌৱনকালৰ পিছত নাৰীৰ শৰীৰৰ ভিতৰত বিভিন্ন পৰ্যায়ত বিভিন্ন শাৰীৰিক পৰিৱৰ্তন ঘটে। ঋতুচক্ৰৰ আৰম্ভণি, গৰ্ভধাৰণ আৰু ৰজোনিবৃত্তিৰ সৈতে জড়িত হৈ আছে হ’ৰমনৰ প্ৰভাৱ । যেতিয়া হৰম’নৰ ভাৰসাম্য বিঘ্নিত হয় তেতিয়া ই শৰীৰত প্ৰভাৱ পৰে। চিকিৎসকৰ মতে এই হৰম’নটোৱেই হৈছে মহিলাসকলৰ এটা নিৰ্দিষ্ট বয়সৰ পিছত বিশেষকৈ ৰজোনিবৃত্তিৰ পিছত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ অন্যতম কাৰণ। মহিলাসকলে যেতিয়া ৰজোনিবৃত্তিত উপনীত হয় তেতিয়া শৰীৰত ‘ইষ্ট্ৰজেন’ হৰম’নৰ নিঃসৰণ কমি যায়। যিয়ে অনুঘটক হিচাপে কাম কৰি তেজত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰে। তেজত থকা এই বেয়া কলেষ্টেৰল বা ‘এল ডি এল’ই ক্ৰমান্বয়ে ৰক্তবাহী নলী সংকুচিত কৰি পেলায়। ফলত ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি হয়। তাৰ পৰাই হাৰ্ট এটেক বা ষ্ট্ৰোকৰ সম্ভাৱনা বাঢ়ি যায়। কিন্তু স্বাস্থ্যসন্মত খাদ্য খোৱাৰ উপৰিও তেজত থকা এই বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ দুই এটা কথা মানি চলাটো জৰুৰী।
হৃদৰোগৰ আশংকাৰ পৰা হাত সাৰিবলৈ মহিলাসকলে কি কৰিব পাৰে?
১) ৪০ বছৰ বয়সৰ পিছত নিয়মিতভাৱে কলেষ্টেৰল পৰীক্ষা কৰিব লাগে।
২) বয়স আৰু উচ্চতা অনুসৰি বি এম আই বা ‘বডি মাছ ইনডেক্স’ৰ মান ২৫ৰ ভিতৰত হ’ব লাগে।
৩) প্ৰতিদিনে কমেও ৩০ মিনিট ব্যায়াম কৰক। দুবাৰকৈ কৰিলে ভাল, ৰাতিপুৱা আৰু গধূলি।
৪) উদ্ভিজ প্ৰটিন বেছিকৈ খাব লাগে। ইয়াৰ লগত বিভিন্ন প্ৰকাৰৰ বাদাম আৰু বীজ খালে ভাল।
৫)কৃত্ৰিম চেনি থকা শীতল পানীয় নাখালে ভাল।