VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰধানমন্ত্ৰী মোদী –গৃহমন্ত্ৰী শ্বাহৰ উপস্থিতিত দ্বিতীয় কাৰ্যকালৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মাণিক সাহাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 8, 2023
in ৰাজনীতি
প্ৰধানমন্ত্ৰী মোদী –গৃহমন্ত্ৰী শ্বাহৰ উপস্থিতিত দ্বিতীয় কাৰ্যকালৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মাণিক সাহাৰ
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

একেৰাহে  দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে বুধবাৰে শপত গ্ৰহণ কৰে মাণিক সাহাই। আগৰতলাৰ স্বামী বিবেকানন্দ ময়দানত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, বিজেপিৰ সভাপতি জে পি নাড্ডাকে ধৰি বিজেপিৰ অন্যান্য শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰে। অৱশ্যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে চিপিএম আৰু কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে ‘সন্ত্ৰাস’ৰ অভিযোগ উত্থাপন কৰি শপতগ্ৰহণ বৰ্জন কৰে।

 

বুধবাৰে ৮জন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ বিধানসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰ আইপিএফটিয়ে নিৰাশাজনক ফলাফল দিলেও বিজেপিয়ে তেওঁলোকৰ একমাত্ৰ বিধায়কক মন্ত্ৰীসভাত স্থান দিয়ে ৷ ইয়াৰ বাহিৰেও গেৰুৱা শিবিৰে বৰ্তমান কোনো বিধায়কক ৩ টা গুৰুত্বপূৰ্ণ কাৰ্যালয়ৰ দায়িত্ব দিব নিবিচাৰে। বিজেপিৰ এটা অংশই দাবী কৰিছে যে টিপ্ৰা মাথাৰ মুৰব্বী প্ৰদ্যোৎ মাণিক্য দেৱবৰ্মাৰ সৈতে মিত্ৰতাৰ চৰ্চা চলি আছে। যদিও প্ৰাৰম্ভিক পৰ্যায়ৰ আলোচনা ব্যৰ্থ হয়, তথাপিও ত্ৰিপুৰাৰ শাসকীয় দলটোৱে আশা কৰিছে যে জনজাতিসমূহৰ ‘মহাৰাজা’ই বিজেপিৰ সৈতে হাত মিলাই যাব। তেনে ক্ষেত্ৰত সেই ৩টা বিভাগৰ দায়িত্ব টিপৰা মাথালৈ যাব পাৰে।

 

আসন আৰু ভোটৰ হাৰ হ্ৰাস পোৱাৰ পাছতো ত্ৰিপুৰাত পুনৰ ৩২খন আসনেৰে ক্ষমতালৈ আহিছে বিজেপি। বিপ্লৱ দেৱক ২০১৮ চনত দীৰ্ঘদিনীয়া বাওঁপন্থী শাসনৰ অন্ত পেলাই বিজেপিয়ে মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছিল। কিন্তু বিভিন্ন বিতৰ্কৰ সন্মুখত বিপ্লৱক অপসাৰণ কৰি নিৰ্বাচনৰ কেইমাহমান পূৰ্বে মাণিক সাহাক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। এইবাৰ ধনপুৰ সমষ্টিৰ পৰা বিজয়ী হোৱা দলটোৰ সাংসদ প্ৰতিমা ভৌমিকক মুখ্যমন্ত্ৰীৰ দায়োত্ব দিয়া হ’ব পাৰে বুলি বিজেপিৰ এক সূত্ৰই দাবী কৰিছিল। কিন্তু সোমবাৰে ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ অনুৰোধ জনোৱাৰ পিছতে বিজেপিৰ শীৰ্ষ নেতৃত্বই কয়  যে পুনৰবাৰ মাণিক সাহাক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ’ব ৷

 

এসময়ৰ যুদ্ধংদেহী দল চি পি এম আৰু কংগ্ৰেছে একত্ৰিত হৈ নিৰ্বাচনত যুঁজ দিছে। চিপিএমে ১১খন আসন, কংগ্ৰেছে ৩ খন আসন লাভ কৰে । ১৩খন আসনেৰে ৰাজ্যৰ দ্বিতীয় বৃহত্তম দল টিপ্ৰা মাথা। ত্ৰিপুৰাত বিজেপিৰ জয়ৰ আঁৰত বিৰোধী ভোটৰ ‘বিভাজন’ৰ বাবে বাওঁ আৰু কংগ্ৰেছ শিবিৰে দোষাৰোপ কৰে। নিৰ্বাচন শেষ হোৱাৰ পিছত বিজেপিয়ে দলীয় কৰ্মী আৰু সমৰ্থকক আক্ৰমণ কৰাৰ অভিযোগো উত্থাপন কৰে।

 

Previous Post

আপুনি জানেনে যে পুৰুষতকৈ মহিলাৰ ‘বেয়া’ কলেষ্টেৰল কিয় বৃদ্ধি হয় !কেনেদৰে কমান হৃদৰোগৰ সম্ভাৱনা !

Next Post

নিউজিলেণ্ডত সম্পন্ন বুমৰাহৰ অস্ত্ৰোপচাৰ! কেতিয়া দেখা পোৱা যাব খেলপথাৰত !!

Related Posts

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন
ৰাজনীতি

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?
ৰাজনীতি

লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?

March 29, 2023
সাংসদ পদ নাকচ হোৱাৰ পিছত এইবাৰ বাংলো খালী কৰিব লাগিব ৰাহুল গান্ধীয়ে, জাননী জাৰি কৰি দিলে এমাহৰ সময়
ৰাজনীতি

সাংসদ পদ নাকচ হোৱাৰ পিছত এইবাৰ বাংলো খালী কৰিব লাগিব ৰাহুল গান্ধীয়ে, জাননী জাৰি কৰি দিলে এমাহৰ সময়

March 28, 2023
ৰাছিয়াত জি জিনপিং, ইউক্ৰেইনত জাপানৰ প্ৰধানমন্ত্ৰী, কি বার্তা দিব বিচাৰিছে দুই ৰাষ্ট্ৰনেতাৰ !!
ৰাজনীতি

ৰাছিয়াত জি জিনপিং, ইউক্ৰেইনত জাপানৰ প্ৰধানমন্ত্ৰী, কি বার্তা দিব বিচাৰিছে দুই ৰাষ্ট্ৰনেতাৰ !!

March 22, 2023
আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই  “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন
ৰাজনীতি

আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন

March 20, 2023
মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ  প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!
ৰাজনীতি

মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!

March 17, 2023
Next Post
নিউজিলেণ্ডত  সম্পন্ন বুমৰাহৰ অস্ত্ৰোপচাৰ! কেতিয়া দেখা পোৱা যাব খেলপথাৰত !!

নিউজিলেণ্ডত সম্পন্ন বুমৰাহৰ অস্ত্ৰোপচাৰ! কেতিয়া দেখা পোৱা যাব খেলপথাৰত !!

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7