দিল্লী আৱকাৰী কেলেংকাৰী গোচৰত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যাক জেৰা কৰিব বিচাৰিছে বলবৎকাৰী সঞ্চালকালয়ে। সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে, চন্দ্ৰশেখৰৰ কন্যা তথা তেলেংগানাৰ শাসকীয় দল বি আৰ এছৰ নেত্ৰী কবিতাক অহা ১০ মাৰ্চৰ ভিতৰত ৰাজধানী চহৰখনৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে। একেটা সূত্ৰৰ মতে, মঙলবাৰে দিল্লীত সুৰাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা হায়দৰাবাদৰ এজন ব্যৱসায়ীক লৈ কবিতাক সোধা-পোছা কৰা হ’ব পাৰে। দিল্লীত আম আদমি পাৰ্টিৰ নেতাক ১০০ কোটি টকা উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে ব্যৱসায়ীজনৰ বিৰুদ্ধে। ইডিৰ অভিযোগ অনুসৰি এই ধন গোৱাত আপৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
দিল্লীত সুৰা ব্যৱসায়ৰ অনুজ্ঞাপত্ৰৰ সৈতে জড়িত দুৰ্নীতিৰ তদন্তত পূৰ্বেই কবিতাৰ নাম পোহৰলৈ আহিছিল। যোৱা ডিচেম্বৰ মাহত যেতিয়া ইডিয়ে অমিত অৰোৰা নামৰ এজন ব্যৱসায়ীক দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা সুৰা নীতি মন্ত্ৰী মনীষ ছিছ’ডিয়াৰ ঘনিষ্ঠ সহযোগী হিচাপে গ্ৰেপ্তাৰ কৰিছিল, তেতিয়াহে তেওঁলোকে গম পাইছিল যে তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ কন্যা কবিতাও এই গোচৰৰ সৈতে জড়িত। পিছত যেতিয়া এই সন্দৰ্ভত তদন্ত অগ্ৰগতি হয়, তেতিয়াও গম পোৱা গ’ল যে কবিতাৰ ফোন দুটাত আন্তঃৰাষ্ট্ৰীয় মোবাইল সঁজুলিৰ যোগাযোগ নম্বৰ কমেও ১০ বাৰ সলনি কৰা হৈছে। সেই সময়ত ডিচেম্বৰ মাহত কবিতাক জেৰা কৰিছিল তদন্তকাৰী সংস্থা চিবিআইয়ে। পিছত যেতিয়া ইডিয়ে তেওঁলোকৰ অভিযোগ পত্ৰত কবিতাৰ নাম উল্লেখ কৰে তেতিয়া চন্দ্ৰশেখৰ-কন্যাই বিজেপিক আক্ৰমণ কৰে। কেন্দ্ৰীয় শাসকীয় দলে বিৰোধী দলৰ বিৰুদ্ধে সস্তীয়া ৰাজনীতি কৰা বুলিও মন্তব্য কৰে।
বুধবাৰে কবিতালৈ এখন চমন জাননী প্ৰেৰণ কৰা হয়। মঙলবাৰে হায়দৰাবাদৰ পৰা ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে ইডিয়ে। খবৰ অনুসৰি অৰুণ ৰামচৰণ পিল্লাই নামৰ ব্যৱসায়ীজনৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে কবিতাক মতা হৈছে ৷
দিল্লী সুৰা কেলেংকাৰীত অনুজ্ঞাপত্ৰ দিয়া সুৰা প্ৰতিষ্ঠানসমূহৰ ভিতৰত দক্ষিণ ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধি আছিল অৰুণ। অৱশ্যে অনুমান কৰা হৈছে যে হায়দৰাবাদৰ এই ব্যৱসায়ীজনৰ সৈতে তেলেংগানাৰ শাসকীয় বি আৰ এছৰ নেত্ৰী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কন্যাৰ সম্পৰ্ক শুকুৰবাৰৰ পিছতহে জানিব পৰা যাব।
দিল্লী সুৰা গোচৰৰ তদন্তৰ সময়ত ইডিয়ে অৰুণৰ বিষয়ে জানিব পাৰিছিল। যোৱা ২ মাৰ্চত অমনদীপ ধল নামৰ এজন সুৰা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছিল। অমনদীপৰ পৰাই অৰুণৰ বিষয়ে অৱগত হোৱাৰ পাছত ৫ দিনৰ অন্তত মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয় অৰুণক। ইডিয়ে তেওঁৰ সৈতে জড়িত দিল্লী সুৰা গোচৰত মুঠ ১১জন লোকক গ্ৰেপ্তাৰ কৰে।