VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নিউজিলেণ্ডত সম্পন্ন বুমৰাহৰ অস্ত্ৰোপচাৰ! কেতিয়া দেখা পোৱা যাব খেলপথাৰত !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 8, 2023
in ক্ৰীড়া
নিউজিলেণ্ডত  সম্পন্ন বুমৰাহৰ অস্ত্ৰোপচাৰ! কেতিয়া দেখা পোৱা যাব খেলপথাৰত !!
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

 

নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চৰ এখন চিকিৎসালয়ত যশপ্ৰীত বুমৰাৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে । তেওঁৰ পিঠিৰ অস্ত্ৰোপচাৰ কৰা হৈছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি এই অস্ত্ৰোপচাৰ সফল হৈছে। ইয়াৰ লগে লগে বুমৰাহক অতি সোনকালে খেলপথাৰলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে ৷

 

চিকিৎসকে কয় যে বুমৰাহ কমেও ছমাহ খেলিব নোৱাৰিব। অৰ্থাৎ আই পি এলৰ কথা বাদেই এইবাৰ এছিয়া কাপতো তেওঁ খেলাৰ কোনো সম্ভাৱনা নাই। দেশত এদিনীয়া বিশ্বকাপৰ পূৰ্বে তেওঁক সুস্থ কৰি তুলিবলৈ চেষ্টা চলাইছে চিকিৎসকে। অৱশ্যে বুমৰাহৰ অস্ত্ৰোপচাৰ সন্দৰ্ভত হাস্পতালখনে মুকলিকৈ প্ৰকাশ কৰা নাছিল। চিকিৎসালয় কৰ্তৃপক্ষই ক’য়, ‘বুমৰাহৰ বিষয়ে সকলো বক্তব্য ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰিব ৷ চিকিৎসালয়ৰ ফালৰ পৰা  কোনো বক্তব্য প্ৰদান কৰা নহয় ৷ “

 

অকলেণ্ডৰ অস্থিৰোগ বিশেষজ্ঞ ৰ’ৱান ছ’টনে বুমৰাহৰ অস্ত্ৰোপচাৰ কৰিছিল। তেওঁ জোফ্ৰা আৰ্চাৰ, শ্বেন বণ্ডৰ দৰে ক্ৰিকেটাৰক অস্ত্ৰোপচাৰৰ অন্তত খেলপথাৰলৈ ঘূৰাই আনিছে।

 

এদিনীয়া বিশ্বকাপৰ পূৰ্বে বুমৰাহক সম্পূৰ্ণ ফিট কৰি তোলাৰ লক্ষ্য ব’ৰ্ডৰ বিষয়াসকলে। অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ পূৰ্বে প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ ঘূৰি আহিব পাৰিবনে শক্তিশালী বলাৰগৰাকী! সময় খুব কম। কাৰণ অস্ত্ৰোপচাৰৰ পিছত বুমৰাহক খেলপথাৰলৈ ঘূৰি আহিবলৈ পাঁচৰ পৰা ছমাহৰ প্ৰয়োজন হ’ব। ইয়াৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ ফিটনেছ পুনৰ লাভ কৰিবলৈ আৰু কিছু সময় লাগিব। সময় কম হ’লেও ব’র্ডে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

কঁকালৰ বিষৰ বাবে যোৱা বছৰৰ জুলাই মাহত ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলত অংশ ল’ব নোৱাৰিলে বুমৰাহ। সেয়াই  আৰম্ভণি। তেতিয়াৰ পৰাই তেওঁ খেলপথাৰৰ বাহিৰত আছে। যোৱা বছৰৰ এছিয়া কাপ, টি-২০ বিশ্বকাপত ভাৰতীয় বলাৰজন উপলব্ধ নাছিল। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টি-২০ শৃংখলাত বুমৰাহক অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু মেচ খেলি পুনৰ তেওঁ আঘাতপ্ৰাপ্ত হয়। তেতিয়াৰ পৰাই  নেশ্যনেল ক্ৰিকেট একাডেমীত সুস্থ হৈ উঠিছে বুমৰাহ। কিন্তু বহু চেষ্টাৰ পিছতো বুমৰাহ আঘাতৰ পৰা মুক্ত হ’ব পৰা নাছিল। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ মেডিকেল কমিটীৰ বিশেষজ্ঞসকলৰ মতে এনে অৱস্থাত খেলিলে তেওঁৰ ক্ৰিকেট কেৰিয়াৰত ডাঙৰ বিপদৰ সৃষ্টি হ’ব পাৰে। গতিকে বুমৰাহক আই পি এল খেলিবলৈ দিয়া নহ’ল। নেশ্যনেল ক্ৰিকেট একাডেমীৰ চিকিৎসক আৰু ব’ৰ্ডে বুমৰাহৰ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয়। এইদৰে অনুসন্ধান আৰম্ভ হ’ল। কেইবাজনো চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছত ছৌটনক চূড়ান্ত কৰা হয় ৷

Previous Post

প্ৰধানমন্ত্ৰী মোদী –গৃহমন্ত্ৰী শ্বাহৰ উপস্থিতিত দ্বিতীয় কাৰ্যকালৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মাণিক সাহাৰ

Next Post

দিল্লীৰ আৱকাৰী কেলেংকাৰীঃ ইডিয়ে জেৰা কৰিব তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যাক

Related Posts

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ  ৰোনাল্ডো,  সকলোৰে চকু  পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব
ক্ৰীড়া

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ ৰোনাল্ডো, সকলোৰে চকু পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব

March 31, 2023
প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত
ক্ৰীড়া

প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত

March 31, 2023
বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?
ক্ৰীড়া

বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?

March 30, 2023
বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?
ক্ৰীড়া

বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?

March 30, 2023
বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন
মুখ্য সংবাদ

বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

March 29, 2023
আই পি এলত  ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !
ক্ৰীড়া

আই পি এলত ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

March 29, 2023
Next Post
দিল্লীৰ আৱকাৰী কেলেংকাৰীঃ ইডিয়ে জেৰা কৰিব তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যাক

দিল্লীৰ আৱকাৰী কেলেংকাৰীঃ ইডিয়ে জেৰা কৰিব তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যাক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7