শৰীৰৰ যত্ন ল’বলৈ স্বাস্থ্যসন্মত খাদ্যাভ্যাস অতি জৰুৰী। পুষ্টিবিদৰ পৰা ডাক্তৰলৈকে সকলোৱে সেই কথাত একমত প্ৰকাশ কৰি আহিছে । খাদ্যত উপস্থিত থকা বিভিন্ন পুষ্টিকৰ উপাদানে শৰীৰক ভিতৰৰ পৰা সুস্থ কৰি ৰখাত সহায় কৰে। গতিকে খাদ্য খোৱাৰ ক্ষেত্ৰত নিয়ম বর্তাই ৰাখিলৈ চিকিৎসকে পৰামর্শ প্ৰদান কৰে ৷ আপুনি কি খায় যিমানে গুৰুত্বপূৰ্ণ, কেতিয়া খায় সেয়াও সিমানেই গুৰুত্বপূৰ্ণ। দিনটোৰ যিকোনো সময়তে আপুনি বিচৰা সকলো খাদ্য খাব নোৱাৰে। ই বিপৰীতমুখী প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। কিছুমান বিশেষ খাদ্য আছে, যিবোৰ নিশা পৰিহাৰ কৰাটো ভাল।
দৈ
ৰাতি দৈ খোৱাৰ পিছত বহু লোকৰ পাচনতন্ত্ৰৰ সমস্যা হয়। বিশেষকৈ যিসকলৰ চৰ্দি আৰু কাহত আক্ৰান্ত তেওঁলোকে ৰাতি দৈ নাখালে ভাল। চিকিৎসকে কয় যে সূৰ্যাস্তৰ পিছত দৈ খালে শৰীৰৰ ভিতৰত শ্লেষ্মা জমা হ’বলৈ আৰম্ভ কৰে। ফলত চৰ্দি আৰু কাহৰ প্ৰাদুৰ্ভাৱ স্বাভাৱিকতে বাঢ়ি যায়।
আটা-ময়দা
ৰাতি বহু ঘৰত ৰুটি থাকে। কোৰোবাৰ ঘৰত আটাৰ ৰুটি থাকে, কোৰাবাৰ ঘৰত ময়দাৰ ৰুটি খাবলৈ পছন্দ কৰে। কিন্তু আটাৰে তৈয়াৰী যিকোনো খাদ্য হজম হ’বলৈ বহু সময় লাগে। যিসকলৰ ৰাতি দেৰিকৈ খোৱাৰ অভ্যাস আছে, তেওঁলোকে ৰাতি আটা ভিত্তিক খাদ্য নোখোৱাই ভাল। পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰে। মেদবহুলতাও এক বিপদজনক।
চালাড
খাদ্যৰ সৈতে বহুতে ৰাতি চালাড খায়। কিন্তু কেঁচা শাক-পাচলিৰ চালাড ৰাতি খাব নালাগে। শাক-পাচলিত প্ৰচুৰ পৰিমাণে আঁহ থাকে। বহুতে ৰাতি আঁহ হজম কৰাত অসুবিধা পায়। দুপৰীয়া বা ৰাতিপুৱা কেঁচা চালাড খাওক ৷
কফি
কফিত অধিক পৰিমাণে কেফেইন থাকে। ৰাতি চকলেট, কফিৰ দৰে বস্তু খালে কেফেইনৰ বাবে টোপনিৰ অসুবিধা হ’ব পাৰে। বহুতৰে ৰাতি কাম কৰাৰ অভ্যাস আছে। টোপনি নোহোৱা কৰিবলৈ কাপৰ পিছত কাপ কফি সেৱন কৰে । এই অভ্যাসৰ ফলত অনিদ্ৰা হ’ব পাৰে।