বিভিন্ন ধৰণৰ চাট হওক বা ফুচকা – সুস্বাদু খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ তেতেলীৰ পানী ব্যৱহাৰ কৰা হয় ৷ সোৱাদযুক্ত খাদ্যৰ বাবে তেতেলীৰ ব্যৱহাৰ হৈ আহিছে ৷ কিন্তু আপুনি জানেনে যে তেতেলীৰ আন কিছুমান স্বাস্থ্যকৰ দিশ আছে?
দৈনিক খাদ্যত তেতেলী কিয় ৰাখিব লাগে?
১) তেতেলীত থকা এস্ক’ৰবিক এচিডে খাদ্যৰ পৰা আইৰণ সংগ্ৰহ কৰি শৰীৰৰ বিভিন্ন কোষলৈ প্ৰেৰণ কৰে। ফলত মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধি পায়।
২) তেতেলীত থকা প্ৰদাহ নিবাৰণকাৰী গুণে পৰোক্ষভাৱে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। তেতেলীত থকা এনজাইমে শৰীৰত শর্কৰাৰ শোষণৰ মাত্ৰা হ্ৰাস কৰি শর্কৰা নিয়ন্ত্ৰণত সহায় কৰে। ফলত তেতেলীয়ে ডায়েবেটিছ ৰোগ বহু পৰিমাণে প্ৰতিৰোধ কৰে।
৩) গৰমৰ দিনত কম বেছি পৰিমাণে বহু লোক বদহজম ৰোগত আক্ৰান্ত হয়। তেতেলী একাপ পানীত তিয়াই অলপ নিমখ, চেনি বা গুৰ মিহলাই খালে বদহজমৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ। তেতেলীত থকা খাদ্য আঁহে হজম শক্তিত সহায় কৰে। ই গেছৰ সমস্যাও উপশম কৰিব পাৰে।
৪) তেতেলীত হাইড্ৰক্সিচাইট্ৰিক এচিড থাকে, যাৰ ফলত শৰীৰত চৰ্বি জমা হোৱাত বাধা দিয়ে। এই এচিডে নিউৰ’ট্ৰান্সমিটাৰ চেৰ’টনিনৰ মাত্ৰা বৃদ্ধি কৰি ভোক হ্ৰাস কৰে। খাদ্যৰ প্ৰতি লৰালৰি কৰিলে ওজন বৃদ্ধি নহ’ব। এনে ক্ষেত্ৰত তেতেলীৰ চৰবত খাদ্যত ৰাখিব পাৰে। গৰমৰ দিনত পিয়াহ দূৰ হ’ব আৰু সুস্বাস্থ্য লাভ কৰিব।
৫) গৰম পানীত তেতেলী আৰু জলকীয়া মিহলাই খালে বতৰ পৰিৱৰ্তনৰ সময়ত চৰ্দি আৰু ফ্লুৰ পৰা সকাহ পাবলৈ। তেতেলীত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এন্টি-বেক্টেৰিয়েল গুণ থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেইবাগুণো বৃদ্ধি কৰে। স্কাৰ্ভি প্ৰতিৰোধত তেতেলী অতি ফলপ্ৰসূ।
আপুনি আপোনাৰ দৈনন্দিন খাদ্যত তেতেলী চৰবত ৰাখিব পাৰে ৷ তেতেলীৰ চৰবৰ প্ৰৰস্তুত কৰিবলৈঅলপ তেতেলী পানীত তিয়াই থওক। তেতেলী কোমল হ’লে গুটি আৰু ছালখিনি উলিয়াই লওক। এইবাৰ দুচামুচ ভজা জিৰাৰ গুৰি, শুকান জলকীয়াৰ গুড়ি, নিমখ আৰু এচামুচ মৌ এগিলাচত মিহলাই ঠাণ্ডা পানীৰ লগত লওক। বৰফ আৰু পদিনা পাতৰ লগত তেতেলীৰ চৰবত পৰিবেশন কৰক।