বৃহস্পতিবাৰে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইউটিউবাৰ প্ৰিন্স দীক্ষিতক। যান-বাহন আইন উলংঘা কৰি চলন্ত গাড়ীৰ চাদত বহি জন্মদিন পালন কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰিন্সৰ বিৰুদ্ধে । সেই ভিডিঅ’টোও ভাইৰেল হৈ পৰিল। ৰাষ্ট্ৰীয় ঘাইপথত বন্ধু-বান্ধৱীৰ সৈতে জন্মদিন উদযাপন কৰাৰ বাবে ইউটিউবাৰ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত কৰি প্ৰিন্সক গ্ৰেপ্তাৰ কৰে।
যোৱা বছৰৰ নৱেম্বৰ মাহত সংঘটিত হৈছিল এই ঘটনা। ২৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাণ্ডৱ নগৰৰ ওচৰত বন্ধু-বান্ধৱীৰ সৈতে চলন্ত গাড়ীৰ চাদত বহি জন্মদিন উদযাপন কৰে প্ৰিন্সে। যোৱা বছৰৰ ১৬ নৱেম্বৰত সংঘটিত হোৱা ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল।
ভিডিঅ’টোত দেখা অনুসৰি প্ৰিন্সে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে গাড়ীৰ বিশাল কনভয়সহ গাড়ীৰ চাদত বহি আছিল প্ৰিন্স। তেওঁৰ কেইবাজনো বন্ধুকো নিজ নিজ গাড়ীৰ চাদত বহি থকা দেখা গৈছিল। এটা সময়ত সেই গাড়ীৰ কনভয়টো ৰাস্তাৰ মাজতে ৰৈ যোৱাত বিশাল যান-জঁটৰ সৃষ্টি হয়। প্ৰিন্সৰ বিৰুদ্ধে জন্মদিনৰ পাৰ্টি কৰা, মদ্যপান কৰা, জোৰেৰে সংগীত বজোৱাৰ অভিযোগ উত্থাপন হৈছে।
বৃহস্পতিবাৰে আৰক্ষীয়ে এই ঘটনাক গুৰুত্বসহকাৰে গ্ৰহণ কৰি বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে প্ৰিন্সক। আৰক্ষীয়ে প্ৰিন্সৰ বন্ধুৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷ প্ৰিন্সে আৰক্ষীক জনোৱা মতে, ২৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শকৰপুৰৰ সমীপত এই ভিডিঅ’টো শ্বুট কৰা হৈছে।